এবছৰত ঘৰুৱা মাটিত দুখনকৈ টেষ্ট শৃংখলাত পৰাস্ত হৈছে ভাৰত; প্ৰশিক্ষক গৌতম গম্ভীৰে কি কয়?

নিউজিলেণ্ডৰ পিছত দক্ষিণ আফ্ৰিকা। এবছৰত ঘৰুৱা মাটিত দুখনকৈ টেষ্ট শৃংখলাত পৰাস্ত হৈছে ভাৰত। বুধবাৰে গুৱাহাটীত পৰাজয়ৰ পিছত গৌতম গম্ভীৰক প্ৰশিক্ষকৰ পদৰ পৰা অপসাৰণৰ বাবে তীব্ৰ দাবী তোলা হৈছে। অৱশ্যে এই সন্দৰ্ভত BCCIয়ে সিদ্ধান্ত ল’ব বুলি স্পষ্ট কৰি দিছে ভাৰতীয় প্ৰশিক্ষকজনে। তেওঁ নিজাববীয়াকৈ পদত্যাগ নকৰে। তেওঁ নিজৰ অতীতৰ কৃতিত্বৰ কথাও সোঁৱৰাই দিলে।

বুধবাৰে খেলখনৰ পিছত গম্ভীৰক সোধাত তেওঁ কয়, “এয়া ব’ৰ্ডৰ সিদ্ধান্ত হ’ব। মই আগতেও কৈছোঁ আৰু আজি পুনৰ কওঁ। ভাৰতীয় ক্ৰিকেটেই আটাইতকৈ গুৰুত্বপূৰ্ণ, মই নহয়। মনত ৰাখিব, মই সেইজন মানুহ যিয়ে ইংলেণ্ডত ভাল প্ৰদৰ্শন কৰাইছিলোঁ, চেম্পিয়নছ ট্ৰফী আৰু এছিয়া কাপ জয় কৰাইছিলোঁ।”

তেওঁ আৰু কয়, “এই পৰাজয়ৰ বাবে সকলোৱেই দায়ী। কিন্তু দায়িত্ব মোৰ পৰাই আৰম্ভ হয়। আমি বহুত ভাল খেলিব লাগিব। ৯৫/১ৰ পৰা ১২২/৭লৈ যোৱাটো একেবাৰেই গ্ৰহণযোগ্য নহয়। কোনো বিশেষ ক্ৰিকেটাৰ বা কোনো বিশেষ শ্বটক দোষাৰোপ কৰিব নোৱাৰি। সকলোৱে সমানে দায়ী। মই কেতিয়াও কাকো দোষ দিয়া নাই। ভৱিষ্যতেও মই তেনেকুৱা নকৰো।”

অৱশ্যে হোৱাইট ৱাশ্বৰ প্ৰশ্ন উত্থাপন কৰাত বিৰক্ত হৈ পৰে ভাৰতীয় প্ৰশিক্ষকজন। তেওঁ নিউজিলেণ্ডক দক্ষিণ আফ্ৰিকাৰ সৈতে তুলনা কৰিব বিচৰা নাছিল। তেওঁ কয়, “নিউজিলেণ্ডৰ বিৰুদ্ধে আমাৰ এটা বেলেগ দল আছিল। এতিয়া আমাৰ এটা বেলেগ দল আছে। মই নিশ্চিত যে, আপোনালোকে (মিডিয়াই) বহু ক্ৰিকেট মেচ কভাৰ কৰে। তেতিয়া আপোনালোকে এইটোও জানিব যে, দুয়োটা দলৰ বেটিং বিভাগত কোনো তুলনা নাই। দুয়োটা দলৰ অভিজ্ঞতাৰ মাজত এক বৃহৎ পাৰ্থক্য আছে।”

গম্ভীৰে লগতে কয়, “আপোনালোকে সদায় সকলো কথা নিউজিলেণ্ডৰ শৃংখলাৰ সৈতে তুলনা কৰা উচিত নহয়। সেই শৃংখলাৰ পৰা এতিয়া চাৰি-পাঁচজন ক্ৰিকেটাৰ আছে। মই অজুহাত দেখুৱাব নোৱাৰোঁ। ভৱিষ্যতেও তেনেকুৱা কাকো বনাব নোৱাৰিম। কিন্তু যদি আপুনি চায়, তেন্তে আপুনি দেখিব যে প্ৰথম আঠজন বেটছমেনৰ ভিতৰত চাৰি-পাঁচজনে ১৫খন বা তাতকৈ কম টেষ্ট খেলিছে।”

এই পৰাজয়ৰ পৰা ক্ৰিকেটাৰসকলে বহুখিনি শিকিব বুলি আশা কৰিছে গম্ভীৰে। ভাৰতৰ প্ৰশিক্ষকজনে কয়, “তেওঁলোকে ক্ৰমান্বয়ে নিজৰ উন্নতি সাধন কৰিব। তেওঁলোকে এতিয়া নিজৰ কাম ভালদৰে শিকিছে। টেষ্ট ক্ৰিকেট খেলাটো একেবাৰেই সহজ নহয়। বিশেষকৈ যেতিয়া আপুনি এটা শীৰ্ষ মানৰ দলৰ বিৰুদ্ধে খেলে। সেইবাবেই মই তেওঁলোকক সময় দিবলৈ অনুৰোধ কৰিছোঁ। তেওঁলোকক চাপ চম্ভালিবলৈ সময় দিয়া প্ৰয়োজন। ক্ৰমান্বয়ে তেওঁলোকে এটা ভাল দলৰ বিৰুদ্ধে ভাল খেলিবলৈ শিকিব।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...