‘অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ’; শ্বাংহাই বিমানবন্দৰত অৰুণাচলৰ যুৱতীক হাৰাশাস্তি

খাদ্য নাই, পানীও নাই। একেখন চকীতে একেৰাহে ১৮ ঘণ্টা বহাই ৰাখিছিল। মাজে মাজে শৌচাগাৰলৈ যাবলৈ দিয়া হৈছিল। এনেকৈ বহু সময় হাৰাশাস্তি কৰা হৈছিল। অৰুণাচল প্ৰদেশৰ এগৰাকী যুৱতীয়ে চীনৰ শ্বাংহাই বিমানবন্দৰত কাৰ্যতঃ ‘কাৰাবন্দী’ হোৱাৰ অভিজ্ঞতা ব্যক্ত কৰে।

পেমা ৱাংজাম থংডক নামৰ যুৱতীগৰাকীৰ অভিযোগ মঙলবাৰে পোহৰলৈ আহে। অভিযোগ অনুসৰি বৈধ পাছপ’ৰ্ট থকাৰ পিছতো চীনৰ বিমানবন্দৰত কেৱল অৰুণাচল প্ৰদেশত জন্ম হোৱাৰ বাবেই হাৰাশাস্তি কৰা হৈছিল যুৱতীগৰাকীক। ইণ্ডিয়া টুডে’ক দিয়া এক সাক্ষাৎকাৰত পেমাই কয় যে, শ্বাংহাই বিমানবন্দৰত ট্ৰেনজিটৰ সময়ত চীনৰ অভিবাসন বিষয়াই তেওঁক ৰখাই দিছিল। তেওঁক কোৱা হ’ল যে তেওঁৰ পাছপ’ৰ্ট অবৈধ। কেৱল সেয়াই নহয়, আৰু কোৱা হৈছিল যে ‘অৰুণাচল প্ৰদেশ চীনৰ অংশ’। পেমাই কয়, “ইমিগ্ৰেচন বিষয়াসকলৰ ওচৰত মোৰ পাছপ’ৰ্ট জমা দিয়াৰ পিছত মোক লাইনৰ পৰা উলিয়াই আনি কাষলৈ লৈ যোৱা হৈছিল। তাৰ পিছত মোক বহু সময় বহিবলৈ দিয়া হৈছিল। তাত খাদ্যৰ কোনো সুবিধা নাছিল। মোক সৰু চকী এখনত বহিবলৈ দিয়া হৈছিল। মাজে মাজে মোক শৌচাগাৰলৈ যাবলৈ দিয়া হৈছিল।”

মহিলাগৰাকীয়ে দাবী কৰে যে, এজন বিষয়াই তেওঁক সুধিছিল যে – পেমাই চীনৰ পাছপ’ৰ্টৰ বাবে কিয় আবেদন কৰা নাছিল। পেমাৰ ভাষাত, “মই আগতে এবাৰ শ্বাংহাইৰ মাজেৰে যাত্ৰা কৰিছোঁ। সেইবাৰ মই কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিলো। মই চীনা ভাষা নাজানোঁ। চীনত মোৰ মাটি নাই, ভোট দিয়াৰ অধিকাৰ নাই। তাত মই কেনেকৈ নাগৰিক হ’লোঁ? মই এজন গৌৰৱান্বিত ভাৰতীয় নাগৰিক আৰু ভৱিষ্যতেও তেনেকৈয়ে থাকিম। মই কেতিয়াও শুনা নাই যে অৰুণাচল প্ৰদেশ চীনৰ অংশ।” ছ’চিয়েল মিডিয়াত তেওঁৰ বিষয়ে কটু পোষ্টৰ উত্তৰত পেমাই আৰু কয়, “মই অতি গুৰুত্বপূৰ্ণ পদত পূৰ্ণকালীন কৰ্মচাৰী হিচাপে কাম কৰোঁ। এই কটু পোষ্টবোৰৰ প্ৰতি সঁহাৰি জনাবলৈ মোৰ সময় নাই। কিন্তু মোক সমৰ্থন কৰা সকলোকে ধন্যবাদ। মই নিজে ভাৰতত নাথাকোঁ। এই ঘটনাৰ পিছত যদি ভাৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে সেয়া মোৰ বাবে নহয়, অৰুণাচলৰ ৰাইজৰ বাবে হ’ব। আহক আমি ইজনে সিজনৰ কাষত থিয় দিওঁ “একেখন দেশৰ নাগৰিক” হিচাপে।

প্ৰসংগক্ৰমে, এই ঘটনাৰ প্ৰতি সঁহাৰি জনাই মঙলবাৰে চীনৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে- যুৱতীগৰাকীক কোনো ধৰণৰ হাৰাশাস্তি কৰা হোৱা নাই। সীমান্তৰক্ষী বাহিনীয়ে ‘আইন-নীতি’ অনুসৰি কাম কৰিছিল। বিমান সংস্থাটোৱে তেখেতক পানী আৰু খাদ্যও যোগান ধৰিছিল। চীনৰ বৈদেশিক মন্ত্ৰালয়েও কয়, ”জাংনান (যিদৰে চীনে অৰুণাচল প্ৰদেশ বুলি কয়) আমাৰ দেশৰ অংশ। অৰুণাচল প্ৰদেশৰ ওপৰত ভাৰতৰ অবৈধ দাবীক চীনে কেতিয়াও স্বীকৃতি নিদিয়ে।” সেই বক্তব্যৰ প্ৰতি সঁহাৰি জনাই যোৱা নিশা ভাৰতে চীনক গৰিহণা দিয়ে। ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, অৰুণাচল প্ৰদেশত এজন ভাৰতীয় নাগৰিকক ইচ্ছাকৃতভাৱে আটক কৰা সন্দৰ্ভত চীনৰ বৈদেশিক মন্ত্ৰালয়ে দিয়া বক্তব্য নিন্দনীয়। অৰুণাচল ভাৰতৰ এক ‘অবিচ্ছেদ্য অংগ’ বুলিও ৰণধীৰে স্পষ্ট কৰি দিয়ে। বৰঞ্চ চীনে যি কৰিছে সেয়া আন্তঃৰাষ্ট্ৰীয় আইনৰ বিৰুদ্ধে কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...