ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰাৰ সন্দৰ্ভত ভাৰতে একো কোৱা নাই; ট্ৰাম্পৰ দাবীক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৰাছিয়াই

ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰাৰ বিষয়ে ভাৰতৰ পৰা কোনো বাৰ্তা অহা নাই। মঙলবাৰে ক্ৰেমলিনে এই দাবী কৰিছে।

ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰি পেশকভে কয় যে, ‘‘নতুন দিল্লীৰ সৈতে কৌশলগত অংশীদাৰিত্ব গঢ়ি তোলাৰ ক্ষেত্ৰত মস্কো সদায়েই আগ্ৰহী।’’ তেওঁ লগতে কয় যে, ‘‘ৰাছিয়াই ভাৰতৰ সৈতে থকা সম্পৰ্কক সদায় মূল্যৱান বুলি গণ্য কৰে আৰু দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্ব আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।’’

এই প্ৰসংগত উল্লেখ্য যে, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ চৰকাৰে বিগত বছৰৰ আগষ্ট মাহৰ আৰম্ভণিতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত সহায় কৰাৰ অভিযোগ তুলি ভাৰতীয় পণ্যৰ ওপৰত ৫০ শতাংশ শুল্ক (জৰিমনাসহ) আৰোপ কৰিছিল। তথাপিও ভাৰতে ৰাছিয়াৰ পৰা ধাৰাবাহিকভাৱে তেল ক্ৰয় কৰি আহিছে।

ট্ৰাম্প চৰকাৰৰ অভিযোগ আছিল যে, ভাৰতৰ তেল ক্ৰয়ৰ বাবেই ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ চলাই ৰখাৰ বাবে ধন লাভ কৰিছে। কিন্তু বিভিন্ন পৰিসংখ্যাত দেখা গৈছে যে, ৰাছিয়াৰ তেল ক্ৰয়ৰ সমালোচনা কৰা দেশসমূহে নিজেই ৰাছিয়াৰ সৈতে বাণিজ্যত লিপ্ত হৈ আছে।

ভাৰতৰ বিদেশ মন্ত্ৰালয়ে পৰিসংখ্যা উল্লেখ কৰি জনাইছে যে, ২০২৪ চনত ইউৰোপীয় ইউনিয়ন আৰু ৰাছিয়াৰ মাজত প্ৰায় ৬৭,৫০০ কোটি ইউৰো (প্ৰায় ১৮ লাখ ৩২ হাজাৰ কোটি টকা) দ্বিপাক্ষিক বাণিজ্য হৈছে, যিটো ভাৰত-ৰাছিয়াৰ মুঠ বাণিজ্যতকৈ বহু বেছি। লগতে ২০২৪ চনত ইউৰোপে ৰাছিয়াৰ পৰা প্ৰাকৃতিক গেছৰ আমদানি ১৬৫ লাখ টনলৈ বৃদ্ধি কৰিছে,  যিটো ২০২২ চনৰ ৰেকৰ্ডকো অতিক্ৰম কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...