মহাৰাষ্ট্ৰত ‘ইণ্ডিয়া’ৰ শক্তি বৃদ্ধি!

লোকসভা নিৰ্বাচনৰ পিছতে NCPৰ অজিত গোটত ভাঙোন। অজিতক এৰি ৪ শীৰ্ষ নেতাই আশীৰ্বাদ ল’লেগৈ শাৰদ পাৱাৰৰ। লোকসভা নিৰ্বাচনৰ পিছত মহাৰাষ্ট্ৰৰ ৰাজনীতিত সৃষ্টি হৈছে জোকাৰণিৰ। ভাঙোন আৰম্ভ হৈছে NCPৰ অজিত পাৱাৰৰ গোটত। অজিত পাৱাৰক এৰি বহু নেতা কাষ চাপিছে শাৰদ পাৱাৰৰ। মঙলবাৰে অজিত পাৱাৰৰ ৪ শীৰ্ষ নেতাই পদত্যাগ কৰি বুধবাৰে যোগ দিলে শাৰদ পাৱাৰৰ NCPত। এই ৪ গৰাকী নেতা–নেত্ৰীৰ লগতে অজিত পাৱৰক এৰা আন বহু নেতা–কৰ্মীয়েও যোগ দিলে NCP শাৰদ পাৱাৰ গোটত। শাৰদ পাৱাৰৰ ভৰি চুই আশীৰ্বাদো ল’লে পুনৰ ঘূৰি অহা সকললে। শাৰদ পাৱাৰে নিজে গলবস্ত্ৰ পিন্ধাই আদৰিলে পুৰণি সতীৰ্থক।

বৰ্তমান মহাৰাষ্ট্ৰৰ ক্ষমতাত আছে বিজেপি, একনাথ সিন্দেৰ শিৱসেনা আৰু অজিত পাৱাৰ নেতৃতাধীন NCP. শিৱসেনা আৰু NCP ত ভাঙোন আনি মহাৰাষ্ট্ৰ মহা বিকাশ আঘাড়ীৰ চৰকাৰ ভাঙি একনাথ সিন্দেই বিজেপিৰে মিলি গঠন কৰে চৰকাৰ। পৰৱৰ্তী সময়ত অজিত পাৱাৰে NCP ভাঙি যোগ দিয়ে একনাথ সিন্দেৰ চৰকাৰত। এতিয়া যেন সময়ৰ চকৰি যেন ওলোটাই ঘূৰিছে।

লোকসভা নিৰ্বাচনৰ ফলাফলে সলনি কৰিছে মহাৰাষ্ট্ৰ ৰাজনীতিৰ প্ৰেক্ষাপট। লোকসভা নিৰ্বাচনত মহাৰাষ্ট্ৰত মুখ থেকেচা খালে NDA-ই। বিজেপি, সিন্দে সেনা আৰু অজিত পাৱাৰৰ NCPৰ শোচনীয় পাৰজয় পিছত শাসকীয় প্ৰক্ষৰ প্ৰতি মোহভংগ ঘটিছে একাংশ নেতা–কৰ্মীৰ। তাৰেই বাস্তৱ ৰূপ দেখা গ’ল বুধবাৰে। অজিতৰ লগ এৰি শাৰদ পাৱাৰৰ লগ লাগিল এইসকল নেতা–কৰ্মী। শাৰদ পাৱাৰেও মন্তব্য কৰিছে দলক ক্ষতি কৰিব নিবিচৰা কোনো পুৰণি নেতা-কৰ্মী ঘুৰি আহিব খুজিলে তেওঁলোকক দলে স্থান দিব। শাৰদ পাৱাৰৰ মন্তব্যই যেন বহু ইংগিত দিলে। শীঘ্ৰে আন বহু নেতা–কৰ্মীয়ে অজিত পাৱাৰ লগ এৰি NCP শাৰদ চন্দ্ৰ পাৱাৰ গোটত যোগ দিয়াৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...