অলিম্পিকত ভাৰতলৈ আৰু এটা ব্ৰঞ্জৰ পদক

অলিম্পিকত ভাৰতলৈ আৰু এটা ব্ৰঞ্জৰ পদক ।
হকীত স্পেইনক হৰুৱাই ব্ৰঞ্জৰ পদক লাভ ভাৰতৰ।
শ্বাসৰুদ্ধকৰ মেচত ২-১ গ’লৰ ব্যৱধানত জয় ভাৰতৰ ।
ভাৰতৰ হৈ দুয়োটা গ’ল দিয়ে অধিনায়ক হৰমণপ্ৰীত সিঙে।
পেনাল্টিৰ জৰিয়তে হৰমণপ্ৰীতে দিয়ে দুয়োটা গ’ল।
পেৰিছ অলিম্পিকত এতিয়ালৈকে সৰ্বাধিক গ’লদাতাৰূপে পৰিগণিত হয় হৰমণপ্ৰীত।
হৰমণপ্ৰীতে পেৰিছ অলিম্পিকত দিয়ে সৰ্বমুঠ ১০টা গ’ল।
খেলখনত অনবদ্য প্ৰদৰ্শন ভাৰতৰ গ’লৰক্ষক পি আৰ শ্ৰীজেশৰ
খেলখনৰ অন্তিম মুহূৰ্তত স্পেইনৰ কেইবাটাও পেনাল্টি প্ৰতিহত কৰে শ্ৰীজেশে।
অলিম্পিক পদক নিশ্চিত হোৱাৰ পিছতে গ’ল পোষ্টত সেৱা জনায় শ্ৰীজেশে
এইখনেই আছিল শ্ৰীজেশৰ আন্তৰ্জাতিক কেৰিয়াৰৰ অন্তিমখন খেল
সকলো ভাৰতীয় খেলুৱৈকে অন্তিম অভিনন্দন জনায় বিদায় দিয়ে শ্ৰীজেশক
ইফালে ৫০ বছৰৰ পিছত ক্ৰমাগত দ্বিতীয়খন অলিম্পিকত পদক লাভ কৰিবলৈ সক্ষম হয় এসময়ৰ হকী বিশ্বত দপদপাই থকা ভাৰতীয় দলটোৱে। ভাৰতৰ এই দুৰ্দান্ত জয়ৰ পাছতে বিভিন্ন জনে জনায় অভিনন্দন। ভাৰতীয় হকী দলক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। X হেণ্ডলযোগে ভাৰতীয় দলক অভিনন্দন জনায় প্ৰধানমন্ত্ৰী মোদীয়ে। ইফালে ভাৰতীয় হকী দলৰ পদক নিশ্চিত হোৱাৰ পাছতে দেশৰ ভিন্ন প্ৰান্তত দেখা গ’ল বিজয় উৎসৱ। ভাৰতৰ ইতিহাসৰ অন্যতম গ’লৰক্ষক শ্ৰীজেশৰ পৰিয়ালটো আতচবাজী ফুটাই আনন্দ–উল্লাস কৰিলে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...