অলিম্পিকত ভাৰতলৈ আৰু এটা ব্ৰঞ্জৰ পদক

অলিম্পিকত ভাৰতলৈ আৰু এটা ব্ৰঞ্জৰ পদক ।
হকীত স্পেইনক হৰুৱাই ব্ৰঞ্জৰ পদক লাভ ভাৰতৰ।
শ্বাসৰুদ্ধকৰ মেচত ২-১ গ’লৰ ব্যৱধানত জয় ভাৰতৰ ।
ভাৰতৰ হৈ দুয়োটা গ’ল দিয়ে অধিনায়ক হৰমণপ্ৰীত সিঙে।
পেনাল্টিৰ জৰিয়তে হৰমণপ্ৰীতে দিয়ে দুয়োটা গ’ল।
পেৰিছ অলিম্পিকত এতিয়ালৈকে সৰ্বাধিক গ’লদাতাৰূপে পৰিগণিত হয় হৰমণপ্ৰীত।
হৰমণপ্ৰীতে পেৰিছ অলিম্পিকত দিয়ে সৰ্বমুঠ ১০টা গ’ল।
খেলখনত অনবদ্য প্ৰদৰ্শন ভাৰতৰ গ’লৰক্ষক পি আৰ শ্ৰীজেশৰ
খেলখনৰ অন্তিম মুহূৰ্তত স্পেইনৰ কেইবাটাও পেনাল্টি প্ৰতিহত কৰে শ্ৰীজেশে।
অলিম্পিক পদক নিশ্চিত হোৱাৰ পিছতে গ’ল পোষ্টত সেৱা জনায় শ্ৰীজেশে
এইখনেই আছিল শ্ৰীজেশৰ আন্তৰ্জাতিক কেৰিয়াৰৰ অন্তিমখন খেল
সকলো ভাৰতীয় খেলুৱৈকে অন্তিম অভিনন্দন জনায় বিদায় দিয়ে শ্ৰীজেশক
ইফালে ৫০ বছৰৰ পিছত ক্ৰমাগত দ্বিতীয়খন অলিম্পিকত পদক লাভ কৰিবলৈ সক্ষম হয় এসময়ৰ হকী বিশ্বত দপদপাই থকা ভাৰতীয় দলটোৱে। ভাৰতৰ এই দুৰ্দান্ত জয়ৰ পাছতে বিভিন্ন জনে জনায় অভিনন্দন। ভাৰতীয় হকী দলক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। X হেণ্ডলযোগে ভাৰতীয় দলক অভিনন্দন জনায় প্ৰধানমন্ত্ৰী মোদীয়ে। ইফালে ভাৰতীয় হকী দলৰ পদক নিশ্চিত হোৱাৰ পাছতে দেশৰ ভিন্ন প্ৰান্তত দেখা গ’ল বিজয় উৎসৱ। ভাৰতৰ ইতিহাসৰ অন্যতম গ’লৰক্ষক শ্ৰীজেশৰ পৰিয়ালটো আতচবাজী ফুটাই আনন্দ–উল্লাস কৰিলে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...