ম্যানমাৰৰ নিৰ্বাচনত সহায় কৰিব ভাৰতে; জুন্টাপ্রধানক মোদীৰ প্রতিশ্রুতি

থাইলেণ্ডৰ ৰাজধানী বেংককত বিমষ্টেক শীৰ্ষ সন্মিলনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ম্যানমাৰৰ সামৰিক জুন্টা চৰকাৰৰ প্ৰধান জেনেৰেল মিন আং হ্লাইঙৰ দ্বিপাক্ষিক বৈঠকৰ পিছত এইবাৰ পুনৰ দুই নেতাৰ মাজত আলোচনা অনুষ্ঠিত হৈছে। এই দ্বিপাক্ষিক আলোচনাত আগন্তুক ডিচেম্বৰ মাহত ম্যানমাৰত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ প্ৰসংগ উত্থাপিত হৈছে। ম্যানমাৰ চৰকাৰৰ দাবী অনুসৰি, প্ৰধানমন্ত্ৰী মোদীয়ে জুন্টা প্ৰধানৰ গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ উদ্যোগক আদৰণি জনাই প্ৰয়োজনীয় সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

বিগত এপ্ৰিল মাহত বেংককত বিমষ্টেক শীৰ্ষ সন্মিলনৰ সময়ত অনুষ্ঠিত এক পাৰ্শ্বিক বৈঠকত দুই নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰিছিল। সেই সময়ত গৃহযুদ্ধৰ দ্বাৰা বিধ্বস্ত ম্যানমাৰত শান্তি পুনৰ প্ৰতিষ্ঠাৰ বাবে জেনেৰেল হ্লাইঙয়ে ভাৰতৰ সহায় বিচাৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত মোদীয়ে প্ৰতিবেশী দেশখনত দ্ৰুত গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছিল। ইয়াৰ পিছত জুলাই মাহত সামৰিক জুন্টা চৰকাৰে জৰুৰী অৱস্থা প্ৰত্যাহাৰ কৰি গণতান্ত্ৰিক কাৰ্যকলাপৰ ওপৰত থকা বিধিনিষেধ উঠাই লোৱাৰ কথা ঘোষণা কৰিছিল। লগতে, জেনেৰেল হ্লাইঙয়ে জনাইছিল যে, আগন্তুক ২৮ ডিচেম্বৰৰ পৰা ম্যানমাৰত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব।

জুন্টাৰ এই ঘোষণাক সশস্ত্ৰ বিদ্ৰোহী জোটৰ ধাৰাবাহিক অগ্ৰগতি আৰু গণতন্ত্ৰপন্থীসকলৰ চাপত পিছুৱাই যোৱাৰ বাৰ্তা হিচাপে বহু কূটনীতিবিদে বিবেচনা কৰিছে। ২০২০ চনৰ নৱেম্বৰত ভাৰতৰ প্ৰতিবেশী দেশখনত শেষবাৰৰ বাবে পাৰ্লিয়ামেন্টৰ দুই কক্ষৰ (‘হাউচ অৱ নেচনেলিটিছ’ আৰু ‘হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভছ’) নিৰ্বাচন অনুষ্ঠিত হৈছিল। গণতন্ত্ৰপন্থী নেত্ৰী আউং চান ছু চিৰ দল নেচনেল লিগ ফৰ ডেম’ক্ৰেছী (এনএলডি)য়ে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিছিল। কিন্তু ২০২১ চনৰ ফেব্ৰুৱাৰীত সামৰিক অভ্যুত্থানৰ জৰিয়তে ম্যানমাৰৰ সেনাই এনএলডি চৰকাৰক উৎখাত কৰিছিল। তাৰ পিছত চীনৰ ঘনিষ্ঠ সামৰিক জুন্টাৰ শাসন আৰম্ভ হৈছিল। প্ৰায় চাৰি বছৰত ম্যানমাৰৰ সেনাই বিভিন্ন গণতান্ত্ৰিক ৰাজনৈতিক দল আৰু জনজাতীয় গোষ্ঠীক ধাৰাবাহিকভাৱে লক্ষ্য কৰিছে।

কিন্তু নৱেম্বৰৰ পৰা ম্যানমাৰৰ তিনিটা বিদ্ৰোহী গোষ্ঠীয়ে ‘থ্ৰী ব্ৰাদাৰহুড এলায়েন্স’ গঠন কৰি সামৰিক জুন্টা চৰকাৰৰ বিৰুদ্ধে ‘অপাৰেশ্যন ১০২৭’ নামৰ অভিযান আৰম্ভ কৰিছিল। এই অভিযানৰ ফলত দেশখনৰ এক বৃহৎ অংশ জুন্টাৰ হাতৰ পৰা ওলাই গৈছে। বিদ্ৰোহীসকলৰ একাংশৰ আঁৰত চীনৰ গোপন সমৰ্থনৰ অভিযোগো উঠিছে। এনে পৰিস্থিতিত দিশহাৰা হোৱা জেনেৰেল হ্লাইঙয়ে শেষত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিলেও ক্ষমতা হস্তান্তৰ প্ৰক্ৰিয়া মসৃণ হ’ব নে নহয়, তাক লৈ ৰাজনৈতিক পৰ্যবেক্ষকৰ এটা অংশৰ মাজত সংশয় আছে। ম্যানমাৰৰ নিৰ্বাচনত মুঠ ৫৫টা ৰাজনৈতিক দলৰ নাম নথিভুক্ত কৰা হৈছে বুলি দেশখনৰ নিৰ্বাচন কমিচনে জনাইছে। এই পৰিস্থিতিত ৰৱিবাৰে হ্লাইঙৰ সৈতে বৈঠকত মোদীয়ে আশা প্ৰকাশ কৰিছে যে, সুস্থ নিৰ্বাচনত সকলো ৰাজনৈতিক দলৰ অংশগ্ৰহণ হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...