১০ টন চুপাৰিসহ বিজেপি নেতা প্ৰবীৰ পালক গ্ৰেপ্তাৰ

বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অপৰেচন অলআউট অব্যাহত থকাৰ সময়তে কাছাৰৰ লায়লাপুৰত জব্দ এখন চুপাৰিভৰ্তি ট্ৰাক ৷ আৰক্ষীয়ে চুপাৰি মালিক গুৱাহাটীৰ বিজেপি নেতাসহ ৩জনক গ্ৰেপ্তাৰ কৰিছে৷ কাছাৰৰ ধলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩জনক৷

মিজোৰাম-ম্যানমাৰ সীমান্তৰ পৰা চুপাৰি ভৰ্তি কৰি কাছাৰৰ মাজেদি লৈ যোৱাৰ সময়তে আৰক্ষীয়ে আটক কৰিছিল AS- 01NC- 4189 ৰ নম্বৰৰ ট্ৰাকখন৷ তাৎপৰ্যপূৰ্ণভাবে ট্ৰাকখন আটক কৰাৰ পাছত ধলাই থানাত উপস্থিত হৈ চুপাৰিসমূহ বৈধ বুলি দাবী কৰে মালিক গুৱাহাটীৰ প্ৰবীৰ পালে৷

কিন্তু আৰক্ষীয়ে দীৰ্ঘসময় থানাত আটক কৰি ৰখাৰ পাছত প্ৰবীৰক গ্ৰেপ্তাৰ কৰে৷ চুপাৰিৰ নথি সমূহ পৰীক্ষাৰ পাছত ভুৱা বুলি জনাই আৰক্ষীয়ে৷ সেয়েহে বাৰ্মিজ চুপাৰি সৰবৰাহৰ অভিযোগত প্ৰবীৰ পালসহ হোজাইৰ সুব্ৰত দে আৰু কাছাৰৰ ছনম উদ্দিন খানক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

ট্ৰাকখনত ১০ টন বাৰ্মিজ চুপাৰি মজুত আছিল৷ ইপিনে, গুৱাহাটীৰ কালাপাহাৰৰ বাসিন্দা প্ৰবীৰ পাল বিজেপিৰ কিষান মৰ্চাৰ গুৱাহাটী সমিতিৰ সম্পাদক বুলি জানিব পৰা গৈছে৷

অবৈধ বাৰ্মিজ চিগাৰেট সৰবৰাহৰ অভিযোগত প্ৰবীৰৰ বিৰুদ্ধে পূৰ্বেও শুল্ক বিভাগে গোচৰ কৰিছিল৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...