ৰে’ল বিভাগৰ এখন বেনাৰে লগাইছে তোলপাৰ

মুকলিৰ পূৰ্বেই গোলাঘাটৰ ফৰকাটিং ফ্লাই অভাৰক লৈ বিতৰ্ক। সদ্যনিৰ্মিত উৰণীয়া সেতুখন মুকলিৰ পাছত বন্ধ কৰি দিয়া হ’ব গোলাঘাট-ফৰকাটিং ৰোড! ৰে’ল বিভাগৰ এখন বেনাৰে লগাইছে তোলপাৰ। ফ্লাই অভাৰখনক বিকল্প হিচাপেহে বিচাৰিছিল ফৰকাটিঙৰ ৰাইজে। কিন্তু হঠাৎ ফ্লাইঅভাৰ মুকলিৰ পাছতেই গোলাঘাট-মেৰাপানী পথ বন্ধ কৰিব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ ফৰকাটিঙৰ ৰাইজ। সমগ্ৰ ঘটনাৰ প্ৰতিবাদত জিলা উপায়ুক্তৰ কাষ চাপিছে ফৰকাটিঙৰ ৰাইজ, দাখিল কৰিলে স্মাৰক পত্ৰ। উল্লেখ্য যে, কাইলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব ফ্লাই অভাৰখন। অতিশীঘ্ৰে এই সিদ্ধান্ত বাতিল নকৰিলে কাইলৈ মুখ্যমন্ত্ৰীৰ সমুখত প্ৰতিবাদৰ হুংকাৰ ফৰকাটিঙৰ ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা...

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...