ৰে’ল বিভাগৰ এখন বেনাৰে লগাইছে তোলপাৰ

মুকলিৰ পূৰ্বেই গোলাঘাটৰ ফৰকাটিং ফ্লাই অভাৰক লৈ বিতৰ্ক। সদ্যনিৰ্মিত উৰণীয়া সেতুখন মুকলিৰ পাছত বন্ধ কৰি দিয়া হ’ব গোলাঘাট-ফৰকাটিং ৰোড! ৰে’ল বিভাগৰ এখন বেনাৰে লগাইছে তোলপাৰ। ফ্লাই অভাৰখনক বিকল্প হিচাপেহে বিচাৰিছিল ফৰকাটিঙৰ ৰাইজে। কিন্তু হঠাৎ ফ্লাইঅভাৰ মুকলিৰ পাছতেই গোলাঘাট-মেৰাপানী পথ বন্ধ কৰিব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ ফৰকাটিঙৰ ৰাইজ। সমগ্ৰ ঘটনাৰ প্ৰতিবাদত জিলা উপায়ুক্তৰ কাষ চাপিছে ফৰকাটিঙৰ ৰাইজ, দাখিল কৰিলে স্মাৰক পত্ৰ। উল্লেখ্য যে, কাইলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব ফ্লাই অভাৰখন। অতিশীঘ্ৰে এই সিদ্ধান্ত বাতিল নকৰিলে কাইলৈ মুখ্যমন্ত্ৰীৰ সমুখত প্ৰতিবাদৰ হুংকাৰ ফৰকাটিঙৰ ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...