কাৰাগাৰৰ পৰা সতৰ্কবাণী ইমৰান খানৰ

ভাৰত-পাকিস্তান সংঘাতৰ পৰিপ্ৰেক্ষিতত কাৰাগাৰৰ পৰা দেশবাসীক সতৰ্ক কৰিছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে। তেওঁ জনোৱা মতে, ভাৰতে প্ৰতিশোধ ল’ব পাৰে। কোনো অৱস্থাতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বাস নকৰিবলৈও তেওঁ সতৰ্ক কৰি দিছে। কাৰাগাৰত ইমৰানৰ সৈতে সাক্ষাৎ কৰিবলৈ গৈছিল তেওঁৰ ভনীয়েক আলিমা খান। তেওঁৰ জৰিয়তে এই সতৰ্কবাণী জনাইছে প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে।

পাকিস্তানৰ সংবাদ মাধ্যম ডনে ইমৰানৰ ভনীয়েকৰ উদ্ধৃতি দি প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বাৰ্তা প্ৰকাশ কৰিছে। ইমৰানে কৈছে, “ভাৰত আৰু পাকিস্তানৰ মাজত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল, তাত সদায় তৎক্ষণাত প্ৰতিক্ৰিয়াৰ প্ৰয়োজন। পাকিস্তানে এতিয়া সতৰ্ক হৈ থাকিব লাগিব। কাৰণ মোদীয়ে নিশ্চিতভাৱে প্ৰতিশোধ ল’ব।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...