কাৰাগাৰৰ পৰা সতৰ্কবাণী ইমৰান খানৰ

ভাৰত-পাকিস্তান সংঘাতৰ পৰিপ্ৰেক্ষিতত কাৰাগাৰৰ পৰা দেশবাসীক সতৰ্ক কৰিছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে। তেওঁ জনোৱা মতে, ভাৰতে প্ৰতিশোধ ল’ব পাৰে। কোনো অৱস্থাতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বাস নকৰিবলৈও তেওঁ সতৰ্ক কৰি দিছে। কাৰাগাৰত ইমৰানৰ সৈতে সাক্ষাৎ কৰিবলৈ গৈছিল তেওঁৰ ভনীয়েক আলিমা খান। তেওঁৰ জৰিয়তে এই সতৰ্কবাণী জনাইছে প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে।

পাকিস্তানৰ সংবাদ মাধ্যম ডনে ইমৰানৰ ভনীয়েকৰ উদ্ধৃতি দি প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বাৰ্তা প্ৰকাশ কৰিছে। ইমৰানে কৈছে, “ভাৰত আৰু পাকিস্তানৰ মাজত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল, তাত সদায় তৎক্ষণাত প্ৰতিক্ৰিয়াৰ প্ৰয়োজন। পাকিস্তানে এতিয়া সতৰ্ক হৈ থাকিব লাগিব। কাৰণ মোদীয়ে নিশ্চিতভাৱে প্ৰতিশোধ ল’ব।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...