NRCত নাম নথকা লোককো প্ৰদান কৰা হ’ব আধাৰ কাৰ্ড

খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত অসম চুক্তি বিভাগৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত NRC আৰু আধাৰ কাৰ্ড সন্দৰ্ভত আলোচনা কৰা হয়। NRCত নাম নথকা লোককো প্ৰদান কৰা হ’ব আধাৰ কাৰ্ড। আধাৰ কাৰ্ড নোহোৱাৰ বাবে অসুবিধাত পৰিছে খিলঞ্জীয়া লোকসকল। দাবী আৰু আপত্তি প্ৰক্ৰিয়াত ২৬ লাখ লোকৰ বায়মেট্ৰিক লোৱা হৈছিল। বৰ্তমান ২৬ লাখ লোকক আধাৰ কাৰ্ড প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ। বৈঠকৰ পাছত সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য– আমি বিদেশীমুক্ত, বাংলাদেশী নাম মুক্ত NRC বিচাৰো। কিন্তু NRCত উচ্চতম ন্যয়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী কৰা ন’হল বুলি অভিযোগ সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...