বতৰ বিজ্ঞান বিভাগৰ আগজাননী, ১৯,২০ জানুৱাৰীত অসমত পুনৰ বৰষুণ হোৱাৰ সম্ভাৱনা!

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী। দেশৰ বিভিন্ন অঞ্চলত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। শেহতীয়া আগজাননী অনুসৰি ১৯ আৰু ২০ জানুৱাৰীত অসম, অৰুণাচলপ্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

১৮ৰ পৰা ২০ জানুৱাৰীৰ ভিতৰত পশ্চিমবংগ, ছিকিম, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে। ইয়াৰ উপৰি অহা দুদিনত উপকূলীয় অন্ধ্ৰপ্ৰদেশৰ ঠায়ে ঠায়ে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। জম্মু আৰু কাশ্মীৰ আৰু লাডাখৰ লগতে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডতো অহা তিনি দিনত বৰষুণ হোৱাৰ সম্ভাৱণা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...