আইনী হস্তক্ষেপ, কঠোৰ SOPৰ মাজতে অসমীয়াই অটুট ৰাখিলে সাতামপুৰুষীয়া পৰম্পৰা

ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি দুটা গোনা ম’হৰ যুঁজত কঁপি উঠিল জাপিসজীয়া পথাৰ। এফালে যদি ন্যায়ালয়ৰ বাধা আৰোপ, আনফালে পৰম্পৰা ৰক্ষাৰ যুঁজ। ইয়াৰ মাজতে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি নৱপ্ৰজন্মক চিনাকি কৰাই দিবৰ বাবে অনুষ্ঠিত হ’ল ম’হ যুঁজ। পিছে এয়া প্ৰতীকি ম’হ যুঁজহে। শিৱসাগৰৰ কালুগাঁও জাপিসজীয়া গাঁওবাসীয়ে প্ৰতিবছৰে অনুষ্ঠিত কৰি আহিছে প্ৰতিকী মহযুঁজ। প্ৰতীকি ম’হযুঁজ চাবলৈ ওলাই আহিল গাঁওবাসী।

উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা থাকিলেও অসমীয়াই এৰিব নোৱাৰে এই সমূহ পৰম্পৰা। তাৰেই এটা বিশেষ পৰম্পৰা হৈছে যুগ যুগ ধৰি ঐতিহ্য বহন কৰি অহা মাঘ বিহুৰ ম’হ যুঁজ। ভোগালী বিহুৰ সময়ত অসমৰ মানুহে ম’হ যুঁজ, বুলবুলি যুঁজ, কুকুৰা যুঁজৰ আয়োজন কৰি আনন্দ লোৱাৰ এক ঐতিহাসিক পৰম্পৰা আছে। পিছে, শেহতীয়াকৈ যোৱা কেইবছৰ মানৰ পৰা আইনী হস্তক্ষেপৰ বাবে ম’হযুঁজ আৰু বুলবুলি চৰাই যুঁজ স্তব্ধ হোৱাৰ পিছত কুকুৰা যুঁজো বন্ধৰ নিৰ্দেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে।

উল্লেখযোগ্য যে, আহোম স্বৰ্গদেউ সকলৰ দিনৰে পৰা মাঘ বিহুত ম’হযুঁজ, বুলবুলি চৰাইৰ যুঁজ চলি আহিছিল। কিন্তু ২০১৪ চনত এটা ৰায়ৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা বুলি সকলো ধৰণৰ জীৱ-জন্তুৰ দৌৰ, যুঁজ নিষিদ্ধ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...