বাংলাদেশত ইলিছৰ উজান

✒️অচিন্ত্য শৰ্মা

চুবুৰীয়া বাংলাদেশত এতিয়া চলিছে ইলিছৰ পৰ্ব। দেশখনৰ নদ-নদী আৰু সামুদ্ৰিক অঞ্চলত আৰম্ভ হৈছে ইলিছ মাছ ধৰা অভিযান। দীৰ্ঘ নিষেধাজ্ঞা অন্ত পৰাৰ পিছত মাছুৱৈসকল নামি পৰিছে জীৱিকাৰ সম্বল ইলিছৰ সন্ধানত। বাংলাদেশত প্ৰায় সমগ্ৰ অক্টোবৰ মাহ ধৰি ইলিছ মাছৰ চিকাৰ, পৰিবহন, ক্ৰয়-বিক্ৰয়, মজুত আৰু বিনিময়ৰ ওপৰত পূৰ্ণ তথা কঠোৰ নিষেধাজ্ঞা আৰোপিত হৈ থাকে। কাৰণ এই সময়চোৱাই হৈছে ইলিছৰ প্ৰজনন খাতুষ। সেয়ে নৱেম্বৰত চলিছে পূৰ্ণ পৰ্যায়ত ইলিছ ধৰাৰ অভিযান। জলভাগত মছুৱৈসকলে জাল লৈ ব্যস্ত থকাৰ বিপৰীতে মাছুৱৈ গাওঁসমূহতো একাংশ ব্যস্ত হৈ উঠিছে জাল গুঠাত। ফলশ্ৰুতিত ঠন ধৰি উঠিছে আন এক কুটীৰ উদ্যোগ। বিগত প্ৰায় দুবছৰ ধৰি কোভিদজনিত পৰিস্থিতিয়ে বাংলাদেশৰ মত্স্য তথা সংশ্লিষ্ট উদ্যোগসমূহৰ যথেষ্ট ক্ষতি কৰিছিল। বহুলাংখে বন্ধ হৈ গৈছিল মত্স্য চিকাৰ। অবশ্য ইয়াৰে ইতিবাচক পাৰ্শ্ব প্ৰতিক্ৰিয়া হিচাপে এতিয়া বৃদ্ধি পাইছে ইলিছৰ সংখ্যা তথা বংশ। সম্প্ৰতি মাছুৱৈসকলৰ আশা, এইবছৰৰ বদ্ধিত উত্পাদনে পূৰণ কৰিব তেওঁলোকৰ বিগত দুটা বছৰৰ ক্ষতি।

মাছ ধৰা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে দেশজুৰি মাছৰ বিশাল বজাৰখনো গুঞ্জৰিত হৈ উঠিছে। মত্স্যজীবিসকলৰ লগতে ব্যস্ত হৈ উঠিছে মজুতকাৰী, পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলো। ইফালে মাছৰ প্ৰাচুৰ্যই বাংলাদেশত এইবাৰ কমাইছে ইলিছৰ দাম। ক্ৰমহ্ৰাসমান দামে বজাৰলৈ টানিছে পূৰ্বতকৈ অধিক সংখ্যক গ্ৰাহকক। হোটেল-ৰেষ্টুৰেন্টসমূহতো কম দামতে উভৈনদী হৈ উঠিছে ইলিছৰ বৃহৎ টুকুৰা। সকলো মিলাই এইবাৰ উৰ্দ্ধমুখী হৈছে বাংলাদেশৰ ইলিছ অৰ্থনীতি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

চন্দ্ৰযান-৫ অভিযানৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিলে অনুমোদন

পুনৰ জোনবাইৰ বুকুলৈ মহাকাশযান পঠিয়াবলৈ সাজু হৈছে ISRO। চন্দ্ৰযান-৫...

আছু-উন্নতি সভা-অসম সেনাৰ আহ্বানত ১৮ মাৰ্চত ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী সজাগতা সমদল

অসমৰ ভৱিষ্যৎ ৰক্ষাৰ্থে, অসমক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে সদৌ অসম...

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত আজীৱন বসবাস কৰিব নোৱাৰিব! মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ বক্তব্যত উদ্বেগ

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত স্থায়ীভাৱে অনিৰ্দিষ্টকাললৈ বসবাস কৰাৰ সুবিধা...