গো-মূত্র ভেঁকুৰ প্ৰতিৰোধী, পাচন শক্তি গুণসম্পন্ন! IIT মাদ্রাজৰ সঞ্চালকৰ মন্তব্যক লৈ বিতর্ক

গো-মূত্রত থকা ঔষধি গুণ সন্দর্ভত মন্তব্য কৰি তীব্ৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে আইআইটি মাদ্রাজৰ সঞ্চালক ভি কামাকোটি। আইআইটি মাদ্রাজৰ সঞ্চালক ভি কামাকোটিয়ে প্ৰকাশ কৰা মতে, গো-মূত্ৰত বেক্টেৰিয়া প্ৰতিৰোধী, ভেঁকুৰ প্ৰতিৰোধী গুণ আছে। তদুপৰি গো- মূত্র হৈছে প্ৰচুৰ পাচন শক্তি গুণসম্পন্ন। যোৱা জানুৱাৰীত সঞ্চালক কামাকোটিয়ে ‘গো-সংৰক্ষণশালা’ শীর্ষক এটা অনুষ্ঠানত ভাষণ দি এই দাবী কৰাৰ পাছতেই এই ভিডিঅটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। যাৰ বাবে তীব্র বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে সঞ্চালকজন। অনুষ্ঠানটোত এগৰাকী সন্ন্যাসীৰ প্রসংগ উল্লেখ কৰি সঞ্চালকজনে কয় যে, গো-মূত্র খাই সন্ন্যাসীগৰাকীয়ে জ্বৰৰপৰা পৰিত্ৰাণ পাইছিল। পেটৰ বিভিন্ন সমস্যাৰ বাবেও গো-মূত্র অতি উপকাৰী বুলি কামাকোটিয়ে উল্লেখ কৰিছিল। অনুষ্ঠানটোত গো-মূত্ৰৰ উপকাৰিতাৰ প্ৰসংগ উল্লেখ কৰি সঞ্চালকজনে জৈৱিক কৃষিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল।
২০২২ চনৰ জানুৱাৰী মাহত আইআইটি মাদ্ৰাজৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰা কামাকোটি পূৰ্বে প্ৰতিষ্ঠানখনৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক আছিল। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত অভিযান্ত্ৰিক স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগত বিজ্ঞানত স্নাতকোত্তৰ (গৱেষণাৰ দ্বাৰা) আৰু পি এইচ ডি ডিগ্ৰী লাভ কৰে। ভাৰতৰ ছেমি কণ্ডাক্টৰ অভিযানৰ পৰামৰ্শদাতা সমিতিৰ সদস্যও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...