যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ দৰে দেখা নাযায়। কিন্তু চৰকাৰৰ তথ্য অনুসৰি, দেশত গাড়ীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ সৈতে টোলৰ পৰিমাণো একে হাৰত বাঢ়িছে। দেশত FASTag প্ৰৱৰ্তনৰ পিছত প্ৰত্যক্ষভাৱে টোল পৰিশোধৰ পৰিমাণ যথেষ্ট হ্ৰাস পাইছে। মানুহে গাড়ীত FASTagৰ ব্যৱহাৰ কৰি কোনো অতিৰিক্ত সমস্যা নোহোৱাকৈ সুবিধাজনকভাৱে টোল পৰিশোধ কৰি আছে।

কিন্তু জানেনে, এই FASTagক সঠিকভাৱে ব্যৱহাৰ কৰিব নাজানিলে বিপদ ঘটিব পাৰে আপোনাৰ। হয়, এই বিষয়ত নেশ্যনেল হাইৱে’ অথৰিটি অৱ ইণ্ডিয়াই (NHAI) কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈছে। যিসকল গাড়ীৰ উইণ্ডশ্বীল্ডত FASTag সঠিক স্থানত স্থাপন কৰা নাই, সেই গাড়ীৰ বিৰুদ্ধে NHAIয়ে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

দেশৰ পৰিবহণ মন্ত্ৰণালয়ে এক বিবৃতিত জনাইছে যে, তেওঁলোকৰ এই পদক্ষেপৰ ফলত টোল সংগ্ৰহৰ প্ৰক্ৰিয়া আৰু অধিক মসৃণ হ’ব। লগতে, বাৰ্ষিক পাছ ব্যৱস্থা আৰু মাল্টি লেন ফ্ৰী ফ্ল’ৰ জৰিয়তে FASTag ব্যৱস্থাৰ নিৰ্ভৰযোগ্যতাও নিশ্চিত কৰা হ’ব।

বহুতে গাড়ীৰ কাঁচত FASTag স্থাপন নকৰে। এনে অভ্যাসৰ ফলত টোল প্লাজাত যানজঁটৰ সৃষ্টি হয়। ইয়াৰ পৰিণতিত মাল্টি লেন ফ্ৰী ফ্ল’ ব্যৱস্থাতো সমস্যাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত NHAIয়ে এইসকল লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...