FASTagত পর্যাপ্ত ধন নাথাকিলে ভৰিব দুগুণ জৰিমনা

নেশ্যনেল পেমেন্ট কৰ্প’ৰেশ্যন ইণ্ডিয়াই (এন পি চি আই) টোল কৰ আৰু ফাষ্টেগ নিয়মৰ কিছু সালসলনি কৰিছে। এই নতুন নিয়মসমূহ ১৭ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছে। এন পি চি আইৰ মতে, ইয়াৰ জৰিয়তে টোল কৰ আদায় কৰাটো সহজ কৰি তুলিবলৈ বিচৰা হৈছে। লগতে টোল বুথত যান-বাহনৰ চলাচলো সুচল হৈ পৰিব। নতুন নিয়ম অনুসৰি, যদি ফাষ্টেগ ‘ৰীড’ হোৱাৰ এঘণ্টা আগতে বা ৰীড হোৱাৰ দহ মিনিটৰ পাছলৈকে ব্লেক লিষ্টেড হৈ থাকে তেতিয়া টোল কৰ সংগ্ৰহ অগ্রাহ্য কৰা হ’ব। ইয়াৰ লগতে ফাস্টেগ বেলেন্স কম হ’লে বা কোনো কাৰণত ফাষ্টেগ ব্লক হৈ থাকিলেও টোল প্লাজাত টোল কৰ সংগ্ৰহ অগ্রাহ্য কৰা হ’ব। এই নিয়মসমূহ অৱহেলা কৰা যান-বাহনৰ মালিকে জৰিমনাৰ ৰূপত দুগুণ টোল কৰ দিব লাগিব। এই নতুন নিয়মৰ অধীনত গাড়ীৰ মালিকে তেওঁৰ গাড়ীৰ ফাষ্টেগত জমা থকা ধনৰ বিষয়ে আগতীয়াকৈ জানিব পাৰিব আৰু সময়মতে ফাষ্টেগ ৰিচাৰ্জ কৰাত সুবিধা হ’ব। উল্লেখযোগ্য যে ফাষ্টেগ ৰীড হোৱাৰ এঘণ্টাৰ আগতে বা ৰীড হোৱাৰ দহ মিনিটৰ পাছলৈকে ব্লেক লিষ্টেড হৈ থকাৰ কাৰণ হ’ল ফাষ্টেগত জমা ধন কম থকা বা কোনো কাৰণত ফাষ্টেগ ব্লক হৈ থকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...