FASTagত পর্যাপ্ত ধন নাথাকিলে ভৰিব দুগুণ জৰিমনা

নেশ্যনেল পেমেন্ট কৰ্প’ৰেশ্যন ইণ্ডিয়াই (এন পি চি আই) টোল কৰ আৰু ফাষ্টেগ নিয়মৰ কিছু সালসলনি কৰিছে। এই নতুন নিয়মসমূহ ১৭ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছে। এন পি চি আইৰ মতে, ইয়াৰ জৰিয়তে টোল কৰ আদায় কৰাটো সহজ কৰি তুলিবলৈ বিচৰা হৈছে। লগতে টোল বুথত যান-বাহনৰ চলাচলো সুচল হৈ পৰিব। নতুন নিয়ম অনুসৰি, যদি ফাষ্টেগ ‘ৰীড’ হোৱাৰ এঘণ্টা আগতে বা ৰীড হোৱাৰ দহ মিনিটৰ পাছলৈকে ব্লেক লিষ্টেড হৈ থাকে তেতিয়া টোল কৰ সংগ্ৰহ অগ্রাহ্য কৰা হ’ব। ইয়াৰ লগতে ফাস্টেগ বেলেন্স কম হ’লে বা কোনো কাৰণত ফাষ্টেগ ব্লক হৈ থাকিলেও টোল প্লাজাত টোল কৰ সংগ্ৰহ অগ্রাহ্য কৰা হ’ব। এই নিয়মসমূহ অৱহেলা কৰা যান-বাহনৰ মালিকে জৰিমনাৰ ৰূপত দুগুণ টোল কৰ দিব লাগিব। এই নতুন নিয়মৰ অধীনত গাড়ীৰ মালিকে তেওঁৰ গাড়ীৰ ফাষ্টেগত জমা থকা ধনৰ বিষয়ে আগতীয়াকৈ জানিব পাৰিব আৰু সময়মতে ফাষ্টেগ ৰিচাৰ্জ কৰাত সুবিধা হ’ব। উল্লেখযোগ্য যে ফাষ্টেগ ৰীড হোৱাৰ এঘণ্টাৰ আগতে বা ৰীড হোৱাৰ দহ মিনিটৰ পাছলৈকে ব্লেক লিষ্টেড হৈ থকাৰ কাৰণ হ’ল ফাষ্টেগত জমা ধন কম থকা বা কোনো কাৰণত ফাষ্টেগ ব্লক হৈ থকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...