চৰৰ লোক সকল যদি বেদখলকাৰী তেন্তে অসমৰ প্ৰতিজন লোকেই বেদখলকাৰী : আমিনুল ইছলাম

পুনৰ বিতর্কিত মন্তব্য ধিঙৰ বিধায়ক আমিনুল ইছলামৰ। এইবাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ এলেকাধীন চৰ চাপৰিত বসবাস কৰা লোক সকলক উচ্ছেদ সন্দৰ্ভত কৰিলে বিতর্কিত মন্তব্য। বিধায়ক আমিনুল ইছলামৰ মতে চৰাঞ্চলত বসবাস কৰা লোক সকল যদি বেদখলকাৰী তেন্তে অসমৰ প্ৰতিজন লোকেই বেদখলকাৰী। অসমত এনে বহু লোক আছে যি সকলে মুছলমানক অন্যায় কৰিলে সুখী হয়। আৰু ৰাজ্য চৰকাৰে তেনে কামেই কৰি আছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ, বাবা ৰামদেৱ, আদানি, আম্বানি হ’ল প্ৰকৃত খিলঞ্জীয়া। সেয়ে ৰাজ্য চৰকাৰে ভূমি পুত্ৰক উচ্ছেদ কৰি তেওঁ লোকক ভূমি প্ৰদান কৰি আছে। কেন্দ্রীয় চৰকাৰে ভাৰতৰ ৰাজহুৱা সম্পত্তি সমূহ আদানি, আম্বানিক গতাই দিছে। আদানি, আম্বানি এতিয়া লণ্ডনত থাকিব আৰু বৃটিছে তাৰ পৰাই শাসন কৰিব। ধিঙৰ বিধায়ক জনে শুকুৰবাৰে ছ’চিয়েল মিডিয়াত এনেদৰে বিতর্কিত আৰু উচটনি মূলক মন্তব্য প্ৰদান কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...

কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে...