গহপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড, স্বামীয়ে হত্যা কৰিলে নিজ পত্নীক!

গহপুৰৰ চন্দামাৰী বঙালী গাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামীয়ে হত্যা কৰিলে নিজ পত্নীক। স্বামী ৰাজেশ ওৰাঙে পত্নীক হত্যা কৰি পুতি থলে গাঁতত। উল্লেখ্য যে, মঙলবাৰে নিশা চন্দামাৰী বঙালী গাৱঁৰ ৰাজেশ ওৰাঙ নামৰ লোকজনে অত্যাধিক মদ্যপান কৰি আহি ঘৰৰসকলোকে মাৰধৰ কৰে। ৰাজেশে এখন পিৰাৰে পত্নীৰ মূৰত প্ৰহাৰ কৰাত মৃত্যু হয় পত্নী দময়ন্তী ওৰাঙৰ। ৰাজেশৰ মাৰধৰৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰে মাতৃৰ।

মৃত পত্নীক এখন নদীৰ পাৰত পুতি থয় ৰাজেশ ওৰাঙে। কেইবাদিনো বিচাৰ খোচাৰ কৰাৰ অন্তত আজি পুৱা ঘৰৰ কাষেৰে বৈ যোৱা এখন নদীৰ পাৰত পুতি থোৱা অৱস্থাত মৃতদেহটি উদ্ধাৰ কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰাজেশৰ ওপৰত নিজ পিতৃক হত্যা কৰাৰ অভিযোগ আছে। ঘটনাস্থলীত হেলেম আৰক্ষী,দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰে আৰু কৰায়ত্ব কৰে স্বামী ৰাজেশ ওৰাঙক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...