গৰৈমাৰীত আৰক্ষীৰ বিৰুদ্ধে শ শ শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

গৰৈমাৰীত আৰক্ষীৰ বিৰুদ্ধে শ শ শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ। চুৰিৰ সন্দেহত এজন ছাত্ৰক ঘৰৰ পৰা উঠাই আনিলে আৰক্ষীয়ে। তাৰ পাছতেই বেয়াকৈ মাৰপিট কৰি ভৰাই থ’লে লকাপত। ছাত্ৰ সন্থাৰ শিক্ষাৰ্থীয়ে ঘটনাটো জানিবলৈ বিচৰাত দাবী-ধমক আৰক্ষীৰ। তাৰ পাছতেই উত্তাল প্ৰতিবাদ গৰৈমাৰী থানা চৌহদত। আৰক্ষী সঞ্চালকপ্ৰধানক ব্যৱস্থা ল’বলৈ আহ্বান শিক্ষাৰ্থীসকলৰ।

মুখ্যমন্ত্ৰীৰ কথা নুশুনে…
আইনৰ ৰক্ষক হৈ আইন-কানুন নামানে
OC যাদৱ শৰ্মা

ASI মনমোহন তালুকদাৰ

উত্তাল প্ৰতিবাদ। অসম আৰক্ষী হায় হায়। গৰৈমাৰী পুলিচ গৌ বেক ধ্বনি। যোৱা ১১ অক্টোবৰৰ নিশা গৰৈমাৰী আৰক্ষীৰ দল এটাই বাইক চুৰিৰ সন্দেহত কাণহাৰা গাঁৱৰ তথা মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ এজন ১৭ বছৰীয়া ছাত্ৰক শোৱাপাটীৰ পৰা উঠাই আনিলে। তাৰ পাছতেই আৰক্ষী বিষয়া যাদৱ শৰ্মা আৰু মনমোহন তালুকদাৰে বেয়াকৈ মাৰপিট কৰিলে ছাত্ৰজনক। মজিয়াত পেলাই মাৰি গচকি ছাত্ৰজনক ভৰাই থলে লকাপত। খবৰটো শুনি ছাত্ৰ সন্থাৰ কেইজনমান সদস্য পুৱা উপস্থিত হ’ল থানাত। কি হৈছে জানিবলৈ বিচৰাত আৰক্ষীৰ দাবী ধমক।
তহঁতকো ভৰাই থ’ম…
ঘটনাৰ প্ৰতিক্ৰিয়া হ’ব বুলি অনুমান কৰি পিছদিনা ছাত্ৰজনক মুকলি কৰি দিলে গৰৈমাৰী আৰক্ষীয়ে। কিন্তু আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাবে আহত হ’ল ছাত্ৰজন। ভৰিৰ তলুৱাত বেতেৰে কোবালে, মুখ, চকুত ঘুচিয়ালে। গুৰুতৰ আঘাত পোৱা ছাত্ৰজনক প্ৰথমে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু তাৰ পাছত জি এম চি এইছত ভৰ্তি কৰোৱা হয়। কিন্তু, কিয় আৰক্ষীয়ে এই কাম কৰিব? গৰৈমাৰী থানাৰ সন্মুখত শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ।

এজন ছাত্ৰক ইমান বেয়াকৈ প্ৰহাৰ কৰাৰ অধিকাৰ কোনে দিলে আৰক্ষীক। কোনো গোচৰ ৰুজু হোৱা নাই। দোষী প্ৰমাণিত হোৱা নাই। কিবা শাস্তি দিলে আদালতে দিব। আৰক্ষী কোন? এই বৰ্বৰতা কিয়? ক্ষুব্ধ এইসকল শিক্ষাৰ্থী।

OC যাদৱ শৰ্মা। ASI মনমোহন তালুকদাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ছাত্ৰ সমাজে। বিষয়টোত হস্তক্ষেপ বিচাৰিছে আৰক্ষী সঞ্চালকপ্ৰধানৰ। এপিনে মুখ্যমন্ত্ৰীয়ে কৈছে আৰক্ষী সাধাৰণ জনতাৰ কাষ চাপিব লাগিব। সকলোৰে লগত বন্ধুসুলভ আচৰণ কৰিব লাগিব। একেসময়তে এয়া আৰক্ষীৰ ৰূপ। মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰক্ষী সঞ্চালকপ্ৰধান মহোদয়। এওঁলোকেই। গৰৈমাৰী থানাৰ OC যাদৱ শৰ্মা।
ASI মনমোহন তালুকদাৰ। বাকী আপোনালোকৰ হাতত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...