কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ– অনুকূল পৰিৱেশ৷ বিদ্যা–বুদ্ধিৰ চর্চা কৰোঁতাসকল উপকৃত হ’ব৷ কর্মস্থানত বাধা দেখা নাযায়৷ শুভ বর্ণ বগা বা হালধীয়া৷ আজি যাত্রা কৰোঁতে হাতত এখন বগা ৰুমাল ল’ব৷ যাত্রাদি শুভ৷

বৃষ– কর্মস্থানত ব্যস্ত থাকিব যদিও মনটো গধুৰ থাকিব৷ মন হঠাৎ বেয়াও হ’ব পাৰে৷ বিদ্যার্থীসকলৰ শুভ৷ আপুনি আজি কমলা ৰঙৰ কাপোৰ পিন্ধিব৷ কমলা আপোনাৰ শুভ ৰং৷

মিথুন– প্রিয় বন্ধু–বান্ধৱৰ লগত সাক্ষাৎ লাভ৷ কর্মাদিত বেয়া দেখা নাযায়৷ ভ্রমণত কষ্ট পাব পাৰে৷ পৰাপক্ষত ভ্রমণ নকৰাই ভাল৷ ঘৰুৱা অশান্তিৰ মাজত ঠিক ৰখাৰ যত্ন কৰক৷ শুভ বর্ণ হালধীয়া৷

কর্কট– উন্নত পৰিৱেশ৷ ঘৰুৱা দিশত ভাল ফল পোৱাৰ আশা কৰিব পাৰে৷ কর্মক্ষেত্রত উচ্চপদস্থ বিষয়াৰ সৈতে মতান্তৰৰ সম্ভাৱনা৷ যাত্রা শুভ৷ যাত্রা বা শুভ কাম কৰোঁতে আপুনি গাঢ় ৰঙা ৰঙৰ কাপোৰ পিন্ধিব৷

সিংহ– সু–সংযোগ লাভৰ যোগ৷ আর্থিকত মজলীয়া ফল পাব৷ দায়িত্বপূর্ণ কর্মৰ ক্ষেত্রত সচেতন হওক৷ আজি আপুনি পুৱা বিষ্ণু মন্দিৰত পূজা কৰিব৷ শুভ বর্ণ ৰঙা৷

কন্যা– বিদ্যার্থীৰ বাবে আজি দিনতো ভালেই দেখা যায়৷ কর্তব্যত আগ্রহ বাঢ়িব৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত গুৰুতৰ একো সিদ্ধান্ত নোলোৱাই ভাল৷ আপোনাৰ শুভ বর্ণ বেঙুনীয়া৷ যাত্রাদি শুভ৷

তুলা– দূৰ যাত্রাদিত বাধা, পৰাপক্ষত অতিপাত পৰিশ্রম বর্জন কৰক৷ বিদ্যা, কর্মস্থান, দাম্পত্যত পূর্বানুৰূপ৷ শুভ বর্ণ হালধীয়া৷ আজি হালধীয়া ফুলেৰে পূজা কৰি সোঁহাতত সূতা বান্ধি ল’ব৷

বৃশ্চিক– কোনো কর্মত আনন্দ পাব৷ হঠাৎ অর্থ লাভৰ আশা কৰিব পাৰে৷ মাতৃৰ শৰীৰ বেয়া নহ’ব৷ শুভ বর্ণ ক’লা৷ ক’লা ৰঙৰ কাপোৰ পিন্ধি ভ্রমণ কৰিলে সুফল পাব৷

ধনু– ক্রমে দিনটো কিছু বাধাৰ মাজেদি পাৰ হ’ব লাগিব৷ খৰচ বৃদ্ধি পাব৷ কিছুমান দুর্ভাৱনাই লগ ধৰিব পাৰে৷ সেয়েহে আজি ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ আজি আপোনাৰ শুভ বর্ণ আকাশী নীলা৷

মকৰ– পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে৷ আর্থিকত মজলীয়া ফল পাব৷ বিদ্যাত মধ্যম৷ ব্যৱসায়ত উন্নতিৰ যোগ৷ শুভ বর্ণ সেউজীয়া৷ সেউজীয়া ৰং ব্যৱহাৰ কৰক।

কুম্ভ– কর্মাদিত হঠাৎ ব্যস্ততা বাঢ়িব৷ শাৰীৰিক দিশত ভালেই যাব৷ ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব৷ শুভ বর্ণ মেৰুন৷ এই ৰঙৰ কাপোৰ পিন্ধি যাত্রা কৰিব৷ পূর্বদিশে যাত্রা কৰিলে সুফল পাব৷

মীন– আর্থিক চিন্তা থাকিব পাৰে৷ প্রাপ্য ধন পোৱাৰ চেষ্টাও ব্যর্থ হ’ব৷ ধর্মীয়ানুষ্ঠানত যোগদানৰ সম্ভাৱনা আছে৷ কর্মত অৱশ্যে খ্যাতি থাকিব৷ যাত্রাও মধ্যম৷ শুভ বর্ণ পাতল সেউজীয়া৷

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...

‘ভাৰতৰ অস্ত্ৰই কাম কৰিলে, চীনৰ অস্ত্ৰ-শস্ত্ৰই কাম নকৰিলে’: আমেৰিকাৰ শীৰ্ষ বিশেষজ্ঞ

অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ স্থানীয়ভাৱে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ সফলতাই বিশ্বৰ...

অপাৰেচন সিন্দূৰ : ভাৰতৰ কি কি লাভ হ’ল?পাকিস্তানে কি কি হেৰুৱালে?

ভাৰত চৰকাৰৰ সূত্ৰৰ উদ্ধৃতিৰে টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি,...

IPLৰ বাকী থকা মেচৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি আহিবলৈ ইচ্ছুক নহয় বহু খেলুৱৈ

ভাৰত-পাক সীমান্ত সংঘৰ্ষৰ বাবে এই মুহূৰ্তত উপমহাদেশৰ পৰিস্থিতি উত্তপ্ত।...