তুষ্ট হ’ব মহাদেৱ! শাওণৰ সোমবাৰে কৰক এইকেইবিধ সামগ্ৰীৰে পূজা

এয়া শাওণ মাহ। শিৱভক্তৰ বাবে অতি গুৰুত্বপূৰ্ণ এই মাহ। কিয়নো ভগৱান শিৱৰ প্ৰিয় মাহ হৈছে শাওণ মাহ। ভোলাবাবাৰ আশীৰ্বাদ আৰু কৃপা পোৱাৰ খুব ভাল সময় এই মাহ। এই মাহতে ভক্তসকলে শিৱৰ পূজা, উপবাস আদি পালন কৰে। শিৱৰ পূজা কৰিলে সুখ, সমৃদ্ধি, শান্তি অহাই নহয়, দাম্পত্য জীৱনৰ নানা সমস্যাও দূৰ হয় বুলি বিশ্বাস কৰা হয়।

শাওণ মাহৰ প্ৰতিটো সোমবাৰেই ভক্তসকলে মহাদেৱৰ পূজা-অৰ্চনা কৰে। শিৱ মন্দিৰত ভিৰ কৰে শিৱভক্তই। সুখ-সমৃদ্ধি, চাকৰি, প্ৰেম নাইবা নানা সমস্যাৰ বাবে ভক্তসকলে পূজা কৰে মহাদেৱক। এনেকেইবিধমান সামগ্ৰী আছে যিকেইবিধ সামগ্ৰী অৰ্পন কৰিলে শীঘ্ৰে পোৱা যায় দেবাদিদেৱ মহাদেৱৰ আশিস লাভ কৰা যায়।

ধতুৰা ফুল শিৱ পূজাত কিমান গুৰুত্বপূৰ্ণ সেয়া হয়তো পুনৰাই কোৱাৰ কোনো প্ৰয়োজন নাই। শাওণ মাহৰ সোমবাৰে এই ফুলেৰে পূজা কৰিলে লাভ কৰা যায় মহাদেৱৰ আশিস। বহুতে পুত্ৰ লাভৰ বাবেও এই ফুল শিৱ লিংগত আগবঢ়ায়।

শিৱপূজাত নীলা বা বগা অপৰাজিতা ফুল, যিকোনো বগা ফুল অৰ্পণ কৰিব লাগে৷ কিন্তু বগা ফুলৰ ক্ষেত্ৰত কেতিয়াও কেতেকী ফুল মহাদেৱৰ চৰণত অৰ্পণ কৰিব নালাগে ৷

শিৱৰ পূজাত বেল পাত অপৰিহাৰ্য। শাওণৰ সোমবাৰে বেলপাতৰ লগতে ৰাখক বেল ফুল আৰু বেল। এই তিনিটা সামগ্ৰী মহাদেৱক অৰ্পণ কৰিলে দাম্পত্য জীৱন সুখী হোৱাৰ লগতে নানা সমস্যা দূৰ হয় বুলি বিশ্বাস কৰা হয়।

শিৱলিংগত গাখীৰ, মৌ, দৈ, বেলপাত আদি অৰ্পণ কৰিব লাগে। এনে কৰিলে মহাদেৱ সন্তুষ্ট হোৱাৰ লগতে নৱগ্ৰহো সন্তুষ্ট হয়৷

বি:দ্ৰ: এই প্ৰতিবেদন সাধাৰণ তথ্যৰ ভিত্তিতহে প্ৰস্তুত কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...