আইনী সুৰুঙাৰে সাৰি যাব মাৰাডোনাৰ ঘড়ী চোৰ ৱাজিদ হুছেইন!

শিৱসাগৰ আৰক্ষীৰ ভুলৰ বাবেই মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ’ব মাৰাডোনাৰ ঘড়ী চোৰৰ! ঘড়ী চোৰ ৱাজিদ হুছেইনৰ অধিবক্তাৰ মতে আৰক্ষীয়ে ভুল গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে দিব পৰা নাই চুৰি হোৱাৰ তথ্য। প্ৰাৰম্ভিক অৱস্থাৰ পৰাই গোচৰটোত আৰক্ষীয়ে ভুল পদক্ষেপ লোৱা বুলি দাবী অধিবক্তাজনৰ। আন্তঃৰাষ্ট্ৰীয় নীতি অনুসৰি হোৱা নাই আৰক্ষীৰ পদক্ষেপ। আইনী গণ্ডীৰ ভিতৰত দোষী সাব্যস্ত কৰিব পৰাকৈ কোনো নথি নাই শিৱসাগৰ আৰক্ষীৰ হাতত। আনহে নালাগে ঘড়ী চুৰি হোৱাৰ তথ্যও নাই বুলি দাবী কৰিছে অধিবক্তাজনে। সম্প্ৰতি শিৱসাগৰ কাৰাগাৰৰ আলহী ৱাজিদ হুছেইন।

বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল ৱাজিদ হুছেইনক। শুকুৰবাৰে পুনৰ শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব ৱাজিদক। ১১ ডিচেম্বৰত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চোৰটোক। ডুবাইৰ মাৰাডোনাৰ ঘৰৰ পৰা চুৰি হৈছিল HUBLOT ঘড়ী। ১২ লাখৰো অধিক টকা মূল্যৰ ঘড়ীটো ৱাজিদ হুছেইনে চুৰি কৰাৰ অভিযোগ। ডুবাই আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে তদন্ত অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...