আইনী সুৰুঙাৰে সাৰি যাব মাৰাডোনাৰ ঘড়ী চোৰ ৱাজিদ হুছেইন!

শিৱসাগৰ আৰক্ষীৰ ভুলৰ বাবেই মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ’ব মাৰাডোনাৰ ঘড়ী চোৰৰ! ঘড়ী চোৰ ৱাজিদ হুছেইনৰ অধিবক্তাৰ মতে আৰক্ষীয়ে ভুল গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে দিব পৰা নাই চুৰি হোৱাৰ তথ্য। প্ৰাৰম্ভিক অৱস্থাৰ পৰাই গোচৰটোত আৰক্ষীয়ে ভুল পদক্ষেপ লোৱা বুলি দাবী অধিবক্তাজনৰ। আন্তঃৰাষ্ট্ৰীয় নীতি অনুসৰি হোৱা নাই আৰক্ষীৰ পদক্ষেপ। আইনী গণ্ডীৰ ভিতৰত দোষী সাব্যস্ত কৰিব পৰাকৈ কোনো নথি নাই শিৱসাগৰ আৰক্ষীৰ হাতত। আনহে নালাগে ঘড়ী চুৰি হোৱাৰ তথ্যও নাই বুলি দাবী কৰিছে অধিবক্তাজনে। সম্প্ৰতি শিৱসাগৰ কাৰাগাৰৰ আলহী ৱাজিদ হুছেইন।

বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল ৱাজিদ হুছেইনক। শুকুৰবাৰে পুনৰ শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব ৱাজিদক। ১১ ডিচেম্বৰত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চোৰটোক। ডুবাইৰ মাৰাডোনাৰ ঘৰৰ পৰা চুৰি হৈছিল HUBLOT ঘড়ী। ১২ লাখৰো অধিক টকা মূল্যৰ ঘড়ীটো ৱাজিদ হুছেইনে চুৰি কৰাৰ অভিযোগ। ডুবাই আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে তদন্ত অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...