কিমান সম্পত্তিৰ অধিকাৰী অভিনেত্ৰী হেমা মালিনী আৰু ৰেখা?

বলীউডৰ দুই চিৰসেউজ অভিনেত্ৰী হেমা মালিনী আৰু ৰেখা। অভিনয় আৰু অপৰূপ সৌন্দৰ্যৰে অগণন অনুৰাগীৰ হৃদয় জয় কৰি আছে দুয়োৱে। বৰ্তমানেও চাপ পৰা নাই দুয়োৰে গ্লেমাৰ তথা ব্যক্তিত্বত। এতিয়াও দুয়ো চৰ্চাৰ মধ্যমণি হৈ থাকে অনুৰাগীৰ। শেহতীয়াকৈ দুয়োগৰাকী অভিনেত্ৰীকে লৈ সামাজিক মাধ্যমত পুনৰ চৰ্চা । চৰ্চাৰ বিষয় ৰেখা আৰু হেমা মালিনীৰ সম্পত্তিৰ তালিকা।

কাৰ কিমান সম্পত্তি? হেমা মালিনীৰ সম্পত্তি অধিক নে ৰেখাৰ? নিজৰ সৌন্দৰ্য আৰু অভিনয়েৰে অগণন লোকক মোহি ৰাখিছে অভিনেত্ৰী ৰেখাই। এতিয়ালৈকে প্ৰায় দুই শতাধিক ছবিত অভিনয় কৰিছে ৰেখাই। ৰেখাৰ নৃত্যশৈলীও খুব আকৰ্ষণীয়।

অৱশ্যে বহুদিন ধৰি ছবিজগতৰ পৰা আঁতৰি আছে ৰেখা। ছবিৰ পৰিৱৰ্তে আজিকালি একাংশ ‘হাই প্ৰফাইল’ ইভেণ্টতহে অংশগ্ৰহণ কৰা দেখা যায় ৰেখাক।

ৰেখাৰ সম্পত্তিৰ পৰিমান প্ৰায় ৩৩২ কোটি। ১৩ৰ পৰা ১৪ কোটি টকাৰ বিনিময়ত এখন ছবিত অভিনয় কৰে ৰেখাই।

৭০-৮০ৰ দশকৰ বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী হেমা মালিনী। ১৯৬৩ চনত বলীউডত খোজ দিছিল হেমাই। ১৯৬৮ত যথেষ্ট জনপ্ৰিয় হৈছিল হেমাৰ ‘সপনো কা সৌদাগৰ’ ছবিখন।

অৱশ্যে সম্প্ৰতি অভিনয় জগতৰ পৰা কিছু আঁতৰি আছে হেমা মালিনী। বৰ্তমান হেমা মালিনীৰ সম্পত্তিৰ তালিকাখন যথেষ্ট দীঘলীয়া। চেন্নাই, মুম্বাই, বৃন্দাবনত আছে হেমাৰ ঘৰ-মাটি।

খবৰ অনুসৰি সম্প্ৰতি ১২৩ কোটি টকাৰ সম্পত্তি গৰাকী হেমা মালিনী। বলীউডত এতিয়াও হ্ৰাস পোৱা নাই এই দুই অভিনেত্ৰীৰ চৰ্চা। কেতিয়াবা যদি দুয়োৰে চিনেমাৰ চৰ্চা, কেতিয়াবা আকৌ দুয়োৰে সৌন্দৰ্যৰ চৰ্চা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...

পদ্ম সন্মান লাভ কৰা ব্যক্তিয়ে কি কি লাভ কৰে? তিনিটা সন্মানৰ মাজত কি পাৰ্থক্য আছে?

ভাৰত চৰকাৰে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্ম সন্মান...

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘উল্লাস’ৰ এদিনীয়া কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত 'উল্লাস'ৰ এদিনীয়া কৰ্মশালাঅনাখৰীজনো শিক্ষিত, সাক্ষৰ কৰিবলৈ লাগিব...

বৃহস্পতিবাৰে লাভ কৰিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ, চাকৰিত যোগদান কৰা নহ’ল…তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত শেষ হৈ গ’ল সকলো

সৰস্বতী পূজাৰ দিনটোতেই গুৱাহাটীৰ কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেঞ্চৰ...