কালামাটিৰ ৰেট হোল মাইনিঙত প্ৰকৃততে কিমান শ্ৰমিক আছিল? তেওঁলোক জীয়াই আছেনে?

কালামাটিৰ মৃত্যু গহ্বৰত জীৱন-মৰণৰ যুঁজ
বুধবাৰে পুৱাই কয়লা খনিৰ পৰা ওলাল এটা মৃতদেহ

উমৰাংছ’ৰ কালামাটিৰ অবৈধ ৰেট হোল মাইনিঙত মঙলবাৰৰে পৰা তীব্ৰতৰ হৈছে আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ অভিযান। মঙলবাৰে দিনজুৰি চলা উদ্ধাৰ অভিযানৰ পাছত নিশা ৩০০ ফুট দ গাঁতৰ পৰা পানী সিঁচা প্ৰক্ৰিয়া অব্যাহত আছিল।
গভীৰ গাঁতটোত সোমবাৰে ১০০ ফুট পৰ্যন্ত পানী আছিল।

বুধবাৰে পুৱা পানীৰ স্তৰ ১২০ ফুটলৈ বাঢ়িলহে। অৱশ্যে কষ্টকৰ অভিযানেৰে বুধবাৰে পুৱাই সেনা আৰু NDRF-এ কালামাটিৰ মৃত্যুগহ্বৰৰ পৰা উলিয়াই আনিলে এজন শ্ৰমিকৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো আছিল নেপালৰ গংগা বাহাদুৰ স্ৰেষ্ঠ’ৰ। সন্ধানহীন ৯ শ্ৰমিকৰ প্ৰথমটো নামেই আছিল নেপালৰ উদয়পুৰৰ গংগা বাহাদুৰৰ।

কোনেও নাজানে উমৰাংছ’ৰ কালামাটিৰ এই অবৈধ ৰেট হোল মাইনিঙত প্ৰকৃততে কিমান শ্ৰমিক আৱদ্ধ হৈ আছিল? উদ্ধাৰকাৰী লোকৰ সন্দেহ কয়লা খনিটোত আৱদ্ধ হৈ আছিল ৯ জন শ্ৰমিক। গংগা বাহাদুৰৰ মৃতদেহ উদ্ধাৰৰ পিছত এতিয়াও ৮ জন শ্ৰমিক আৱদ্ধ হৈ থকাৰ সন্দেহ। ডাঙৰ প্ৰশ্ন এটাই- তেওঁলোক জীয়াই আছেনে?

৮ সন্ধানহীন শ্ৰমিকৰ ভিতৰত দলগাঁৱৰ মুস্তাফা শ্বেখ, হুছেইন আলী, জাকিৰ হুছেইন, কোকৰাঝাৰৰ সৰ্পা বৰ্মন আৰু খুছি মোহন ৰায়, শোণিতপুৰৰ শৰৎ গয়াৰী, ডিমা হাছাওৰ লিজান মগৰ আৰু পশ্চিমবংগৰ সঞ্জিৎ সৰকাৰ।
মঙলবাৰে পুৱা ৪ বজাতে খনিত সোমাইছিল শ্ৰমিকসকল।
পুৱা ৬ বজাত হঠাৎ পানী সোমায় খনিটোত।
ৰছীৰে ১০ জন শ্ৰমিক ওলাই আহিবলৈ সক্ষম হৈছিল।
আন প্ৰায় ৯ জন খনিতে আৱদ্ধ হৈ পৰে।
পেট আৰু পৰিয়ালৰ তাড়নাত দিন হাজিৰাতকৈ কেইটামান অধিক টকাৰ বাবে নিজৰ জীৱন বিপন্ন কৰি অবৈধ ৰেট হোল মাইনিঙত কাম কৰা এই শ্ৰমিকসকলৰ ঘৰে ঘৰে এতিয়া হাহাকাৰ পৰিস্থিতি। জীৱন্তে উদ্ধাৰ হ’বনে এই ৮ শ্ৰমিক?

বিগত প্ৰায় ৪৮ ঘন্টা ধৰি সেনা, NDRF, SDRF আৰু বিশাখাপট্টনমৰ পৰা অহা নৌ সেনাৰ বিশেষ ডুবাৰু দলে সন্ধানহীন শ্ৰমিকৰ উদ্ধাৰৰ বাবে যথাসম্ভৱ সকলো চেষ্টাই অব্যাহত ৰাখিছে। ঘটনাস্থলীত উপস্থিত হৈছেগৈ COAL INDIAৰ বিষয়াও। লোৰ জৰী সংলগ্ন বিশেষ প্লেটফৰ্মৰ জৰিয়তে ভূ-গৰ্ভলৈ বাৰম্বাৰ নামি গৈছে উদ্ধাৰকাৰী আৰু ডুবাৰু বাহিনী। কিন্তু নেপালৰ গংগা বাহাদুৰৰ বাবে আন এজনো শ্ৰমিকৰ জীৱিত অথবা মৃত অৱস্থিতি এইপৰ্যন্ত ধৰা পৰা নাই।
৩০০ ফুট দ গাঁতটোত পানীৰ স্তৰো হ্ৰাস পোৱা নাই।

এতিয়াও প্ৰায় জলমগ্ন গাঁতটোৰ ১০০ ফুটলৈ পানী। পানী সিঁচিবলৈ প্ৰশাসনে উদ্ধাৰকাৰী দলক যোগান ধৰিছে ONGCৰ পৰা অনা বিশেষ পানী সিঁচা যন্ত্ৰ। মঙলবাৰে সন্ধিয়াৰে পৰা নিশালৈ ৰেট হোল মাইনিঙলৈ সোমাই যোৱা ৩০০ ফুট দ গাঁতটোৰ সমস্ত পানী সিঁচি উলিওৱাৰ পৰিকল্পনা কৰিছে উদ্ধাৰকাৰী দলে। কিন্তু সেয়া সম্ভৱ হ’বগৈনে?

বিশাখাপট্টনমৰ পৰা অহা নৌ সেনাৰ এজন শীৰ্ষ বিষয়া আৰু ১০ বিশেষজ্ঞ ডুবাৰু দলে খনিত শ্ৰমিকৰ অৱস্থিতি নিৰ্ধাৰণৰ বাবে ব্যৱহাৰ কৰিছে ROV। Remotely Operated Vehicle চমুকৈ ROV পানীৰ তললৈ প্ৰেৰণ কৰা হৈছে। ROVত সংলগ্ন কেমেৰাই ওপৰলৈ পোণপটীয়াকৈ প্ৰেৰণ কৰিছে ভূগৰ্ভীয় জলস্তৰৰ ভিতৰৰ দৃশ্য আৰু তথ্য। কয়লা খনিৰ বাহিৰৰ পৰাই নৌসেনাৰ দলে নিয়ন্ত্ৰণ কৰিছে এই যন্ত্ৰ। ROVৰ ব্যৱহাৰে অভিযানক সফল ৰূপ দিব বুলি আশা কৰিছে নৌসেনাই।

কিন্তু সকলো চেষ্টাই ব্যৰ্থ হৈছে। উদ্ধাৰকাৰী দল একপ্ৰকাৰ নিশ্চিত হৈছে- জীৱন মৰণৰ এই যুঁজ দীঘলীয়া হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...