কাজিৰঙাত কিমানটা বাচি থাকিল টংলাৰ বগলী পোৱালী?

গুৱাহাটী, ২৮ জুন, NKTV: কিছুদিন পূৰ্বে টংলা পৌৰসভাই সংঘটিত কৰিছিল অমানৱীয় কাণ্ড। কৰ’না মহামাৰী বিয়পাৰ আশংকাত বগলীৰ বাহ থকা বহু বাঁহ গছ কাটিছিল টংলা পৌৰসভাই। বগলীৰ বিষ্ঠাই চৌপাশে দূৰ্গন্ধৰ সৃষ্টি কৰাৰ অভিযোগ তুলি বাঁহ গছত আশ্ৰয় লোৱা শ শ বগলীক আশ্ৰয়হীন কৰিছিল টংলা পৌৰসভাই। পৌৰসভাৰ এই অবিবেচক কাণ্ডৰ বাবে বাহত থকা শতাধিক কণ কণ পোৱালিৰ থিতাতে মৃত্যু হৈছিল। এদিনীয়া-দুদিনীয়া চৰাইৰ পোৱালিৰে ভৰি আছিল বাহবোৰ। টংলাৰ পৌৰসভাৰ অমানৱীয় কাৰ্যত নিঠৰুৱা হোৱা বগলী পোৱালীবোৰক টংলাৰ পৰা কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা হৈছিল ৷ সম্প্ৰতি বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ কৰ্মচাৰীসকলে ৮৮টা বগলী পোৱালীক প্ৰতিপালন কৰি আছে ৷ টংলা পৌৰসভাৰ অমানৱীয় কাণ্ডৰ ফলত বগলী পোৱালিবোৰৰ লগতে বহুতো পানী কাঙৰীৰ পোৱালিও মৃত্যু মুখত পৰিছিল। টংলাৰ পৰা বগলীৰ দুটাকৈ প্ৰজাতি কাজিৰঙাৰ পানবাৰীলৈ অনা হৈছিল। তাৰোপৰি কেন্দ্ৰটোলৈ অনা হৈছিল পানী কাউৰীৰ মুঠ ৯৭টা পোৱালী। ইয়াৰে ৫টা পোৱালী টংলাৰ পৰা আনোতেই মৃত্যু মুখত পৰাৰ লগতে চাৰিটা পোৱালী সংকটজনক অৱস্থাত থকাৰ বাবেই চিকিৎসাধীন অৱস্থাতে কেন্দ্ৰত মৃত্যু হয়। সম্প্ৰতি ৮৮টা পোৱালীক অভিজ্ঞ পশু চিকিৎসকৰ তত্বাৱধানত চিকিৎসা প্ৰদান কৰা হৈছে ৷ কেন্দ্ৰটোত ক্ৰমে সুস্থ হৈ উঠিছে ৮৮টা বগলী পোৱালী ৷ বগলীৰ পোৱালী কেইটাক প্ৰজাতি ভেদে পৃথকে ৰাখি চিকিৎসা প্ৰদান কৰা হৈছে ৷ অচিৰেই পোৱালী কেইটা সুস্থ হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে পশু চিকিৎসক সকলে ৷ সম্পুৰ্ণ সুস্থ হৈ উঠিলে বগলীৰ পোৱালী কেইটাক পুনৰ প্ৰাকৃতিক পৰিৱেশত সংস্থাপন কৰিব বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰই ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...