চৰকাৰী পুঁজিৰ অপচয় ৰোধ কৰাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

আৰু কিমান দিনলৈ বিনামূলীয়া সামগ্ৰী লাভ কৰিব জনসাধাৰণে? প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে ভোটাৰক আকৃষ্ট কৰিবলৈ অধিকাংশ ৰাজনৈতিক দলেই বিভিন্ন আঁচনিৰ নামত আৰম্ভ কৰে বিনামূলীয়া সামগ্ৰী বিতৰণ অভিযান। ভোটাৰক প্ৰলোভিত কৰিবলৈ যোৱা কেইবা বছৰ ধৰি এনে পন্থা অৱলম্বন কৰি আহিছে ৰাজনৈতিক দলসমূহে। এই ব্যৱস্থা বন্ধ কৰিবলৈ বিভিন্ন মহলে দাবী জনাই অহাৰ পিছতো ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে কৌশলেৰে এনে অভিযান অব্যাহত ৰাখিছে বিভিন্ন ৰাজনৈতিক দলে। যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰত একাংশ ৰাজনৈতিক দলে ‘লৰকি–বহিন’ আঁচনিৰ অধীনত বিজেপি নেতৃত্বাধীন মহাযুঁটি চৰকাৰে বিনামূলীয়া সামগ্ৰীৰ লগতে বিভিন্ন শ্ৰেণীৰ মহিলা আৰু যুৱতীক ২১০০ পৰা ২৫০০ টকালৈকে আৰ্থিক সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। এই সম্পৰ্কত ন্যায়ালয়ত গোচৰো ৰুজু কৰা হৈছিল। শেহতীয়াকৈ দিল্লীৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে অনুৰূপ আঁচনিক লৈ সাজু হৈছে শাসনাধিস্থ আম আদমী পাৰ্টিৰ চৰকাৰ। ‘মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনা’ৰ অধীনত মহিলাসকলক প্ৰতিমাহে ২১০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে দিল্লী চৰকাৰে। ইয়াৰ সমান্তৰালভাৱে কংগ্ৰেছেও এনে অভিযান আৰম্ভ কৰিছে। দিল্লীত কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে মহিলাসকলক প্ৰতিমাহে ২৫০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে নেতৃত্বই। ইতিমধ্যে বিভিন্ন সভা–সমিতিৰ জৰিয়তে ৰাজনৈতিক দলসমূহে সাধাৰণ মহিলা ভোটাৰক আকৃষ্ট কৰাৰ উদ্দেশ্যে এনে নগদ ধনৰ প্ৰলোভন দি আহিছে। বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহৰ লগতে আম আদমী পাৰ্টি, কংগ্ৰেছ আৰু আন একাংশ দলেও মহিলা ভোটাৰক নগদ ধনেৰে প্ৰলোভিত কৰাৰ চেষ্টা চলাই আহিছে। প্ৰতিবাৰে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এনে আঁচনি লৈ ভোটাৰৰ সন্মুখত হাজিৰ হয় ৰাজনৈতিক দলসমূহে। এই সম্পৰ্কত সংশ্লিষ্ট ৰাজনৈতিক দলৰ প্ৰত্যুত্তৰ বিচাৰি যোৱা অক্টোবৰতে কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগলৈ জাননী প্ৰেৰণ কৰিছিল উচ্চতম ন্যায়ালয়ে। মহাৰাষ্ট্ৰত বিজেপি নেতৃত্বাধীন মহাযুটি চৰকাৰৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ পিছত বিষয়টো পুনৰ হস্তক্ষেপ কৰে উচ্চতম ন্যায়ালয়ে। বুধবাৰে এই গোচৰ সম্পৰ্কত হোৱা শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ বি আৰ গাভাই আৰু এ জি মাচিহ নেতৃত্বাধীন খণ্ড বিচাৰপীঠে বিভিন্ন ৰাজনৈতিক দলৰ লগতে ৰাজ্য চৰকাৰসমূহক প্ৰশ্ন কৰে, দেশৰ বিভিন্ন ন্যায়ালয়ত নিযুক্ত ন্যায়াধীশ সকলক দৰমহা দিবলৈ সক্ষম নোহোৱা চৰকাৰে কিদৰে নিৰ্বাচনৰ পূৰ্বে এনেদৰে বিনামূলীয়া সামগ্ৰী আৰু নগদ ধন বিতৰণ কৰে? ইয়াৰ বাবে চৰকাৰে ক’ৰপৰা পুঁজি সংগ্ৰহ কৰে বুলিও প্ৰশ্ন উত্থাপন কৰে সৰ্বোচ্চ ন্যায়ালয়ে। উল্লেখ্যে যে ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলে ভোটাৰক আকৃষ্ট কৰিবলৈ চৰকাৰী আঁচনিৰ নামত বিনামূলীয়া সামগ্ৰী আৰু নগদ ধন বিতৰণ কৰি আহিছে। ইয়াৰ ফলত একাংশ ৰাজনৈতিক দল লাভৱান হ’লেও এই ব্যৱস্থা মূলতঃ ৰাজকোষৰ ওপৰত বোজা হৈ দেখা দিছে। শীঘ্ৰে এনে কাৰ্য বন্ধ কৰি চৰকাৰী পুঁজিৰ ব্যৱহাৰ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...