কেনেকৈ আহমেদাবাদৰ চিভিল হাস্পতালৰ অট্টালিকাৰ ওপৰত পৰিছিল বিমানখন?

আহমেদাবাদৰ চিকিৎসকলসকলৰ হোষ্টেল এটাৰ ওপৰত ভাঙি পৰিছে লণ্ডনগামী বিমান। প্ৰশাসনৰ সূত্ৰৰ খবৰ অনুসৰি, আহমেদাবাদৰ বিমানবন্দৰৰ পৰা উৰাৰ ৫ মিনিটৰ পিছত মেঘানিনগৰ এলেকাত এয়াৰ ইণ্ডিয়াৰ বিমানখন ভাঙি পৰে। বিমানখন যি ভৱনত ভাঙি পৰিছিল, তাত আহমেদাবাদৰ চিভিল হাস্পতালৰ ইন্টাৰ্ন চিকিৎসকল আছিল। প্ৰশাসনৰ এটা সূত্ৰই এই কথা জনাইছে। কিন্তু এই ভৱনটোৰ কিমান ক্ষয়ক্ষতি হৈছে, সেয়া এতিয়াও জানিব পৰা হোৱা নাই। স্থানীয় লোকৰ দাবী, এই হোষ্টেলত প্ৰায় ৫০জন ইন্টাৰ্ন আছিল। দুৰ্ঘটনাৰ সময়ত তাত থকাসকলৰ সকলোৰে মৃত্যুৰ আশংকা কৰা হৈছে।

এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা জনোৱা হৈছে যে, বিমানখন বৃহস্পতিবাৰে দুপৰীয়া ১ বাজি ৩৮ মিনিটত আহমেদাবাদৰ বিমানবন্দৰৰ ২৩ নম্বৰ ৰানৱেৰ পৰা উৰা মাৰিছিল। গন্তৱ্য স্থান আছিল লণ্ডনৰ ওচৰৰ গেটউইক বিমানবন্দৰ। বিমানখনত ২৪২গৰাকী যাত্ৰী আছিল। কিমানজনৰ মৃত্যু হৈছে, সেয়া এতিয়াও প্ৰশাসনে চৰকাৰীভাৱে প্ৰকাশ কৰা নাই। বিমানখন বিমানবন্দৰৰ ওচৰৰ হোষ্টেলটোত ভাঙি পৰিছিল। ধাৰণা কৰা হৈছে, য’ত বিমানখন ভাঙি পৰিছিল, তাতো বহু লোকৰ হতাহতি হৈছে। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰত জনা গৈছে, মেঘানিনগৰৰ যি ঠাইত বিমানখন ভাঙি পৰিছিল, তাত চিভিল হাস্পতালৰ ইন্টাৰ্ন চিকিৎসকসকল আছিল। তাৰ কাষৰ এটা ভৱনত আছিল ৰেচিডেণ্ট চিকিৎসকসকল। তেওঁলোক সকলোৱে আহমেদাবাদৰ চিভিল হাস্পতালত কাম কৰিছিল। কিমানজন আহত হৈছে, সেয়া স্পষ্ট নহয়। এক সূত্ৰই জনোৱা মতে, ১৫জন চিকিৎসক আহত হৈছে।

ঘটনাৰ কেইবাটাও ভিডিঅ’ পোহৰলৈ আহিছে। সেই ভিডিঅ’ত দেখা গৈছে, হোষ্টেলটোৰ ওপৰত বিমানখন ভাঙি পৰিছে। তাৰ পিছতেই তাত জুই জ্বলি উঠিছে। ক’লা ধোঁৱাই চৌদিশে আগুৰি ধৰিছে। আন এটা ভিডিঅ’ত দেখা গৈছে, এটা হোষ্টেলৰ মাজত বিমানখন ভাঙি পৰিছে। স্থানীয় সূত্ৰৰ মতে, এই হোষ্টেলটো আছিল ইন্টাৰ্ন চিকিৎসকৰ হোষ্টেল।

দুৰ্ঘটনাৰ পিছত ক’লা ধোঁৱাই আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰকো ঢাকি পেলাইছিল। বিমানবন্দৰটো ততাতৈয়াকৈ বন্ধ কৰি ৰখা হৈছে। ঘটনাস্থলীত শতাধিক এম্বুলেন্স পঠিওৱা হৈছে। গ্ৰীণ কৰিডৰৰ জৰিয়তে আহতসকলক চিভিল হাস্পতাললৈ নিয়া হৈছে। হাস্পতালৰ সূত্ৰৰ মতে, বহুতৰ দেহ ইতিমধ্যে জ্বলি গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...