কান চলচ্চিত্র উৎসৱৰ ৰেড কাৰ্পেটত খোজ দিব বিচাৰে নেকি? সহজ নহ’লেও অসম্ভৱো নহয় এই সপোন

আজি আমি ক’ব বিচাৰিছো… কেনেকৈ কান চলচ্চিত্র উৎসৱৰ RED CARPETত খোজ দিব পাৰিব আপুনি?

১) যদিহে আপুনি চলচ্চিত্র উৎসৱখনিৰ কোনো এটা পৃষ্ঠপোষক (Sponsor)ৰ ব্ৰেণ্ড এম্বেছাদৰ হয়, তেন্তে নিজকে ৰেড কাৰ্পেটত কল্পনা কৰিব পাৰে। দীপিকা পাডুকন, ঐশ্বৰ্য ৰায় বচ্চন আৰু সোণম কাপুৰে এই বছৰ প্ৰসাধন সামগ্ৰী বিক্ৰেতা বহুজাতিক কোম্পেনী ল’ৰিয়েলৰ ভাৰতীয় ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ৰেড কাৰ্পেটত খোজ দিছে, আনহাতে মাহিৰা খান কোম্পেনীটোৰ পাকিস্তানৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ৰেড কাৰ্পেটত স্থান লাভ কৰিছে।

আনহাতে গ্ৰে গুজৰ হৈ ৰেড কাৰ্পেটত উপনীত হৈছে হুমা কুৰেশ্বী আৰু কংগনা ৰানাৱট।

২) যদি আপোনাৰ কোনো বন্ধুৰ বন্ধু আছে যিয়ে আপোনাক ছবি এখনৰ টিকট দিব পাৰে, তেন্তে আপুনি প্ৰদৰ্শনীত প্ৰৱেশ কৰিব পাৰে। কিন্তু ৰেড কাৰ্পেটটোৱেই হৈছে এই উৎসৱৰ স্ক্ৰীনিং হলবোৰতকৈ অতি আকাংক্ষিত অনুষ্ঠান। গতিকে, যিসকলে কেৱল ৰেড কাৰ্পেটত ফটো উঠিব বিচাৰে, তেওঁলোকক বেৰিকেড পাৰ হ’বলৈ মাত্ৰ এটা টিকটৰ প্ৰয়োজন। কোৱা হয় যে, কানৰ ৰেড কাৰ্পেটৰ নিৰাপত্তাৰ দ্বায়িত্বত থকা নিৰাপত্তাৰক্ষীয়ে ভালকৈ সাজ-পোছাক পৰিধান নকৰিলে সেই ঠাইত প্ৰৱেশ কৰিব নিদিয়ে।

৩) যদি আপুনি কোনো এখন ছবিৰ প্ৰিমিয়াৰৰ ঠিক পূৰ্বে অথবা বিক্ৰী হৈ থকা শেষ মুহূৰ্তৰ টিকট এটা ল’ব পাৰে, তেন্তে সেইটোও ৰেড কাৰ্পেটলৈ যাব পৰা টিকট। কানলৈ যোৱা লোকসকলে কয় যে, প্ৰিমিয়াৰৰ ঠিক আগতেই বিয়লি ৪ বা ৪.৩০ বজাত ৰেড কাৰ্পেটৰ ওচৰৰ পেভিলিয়নত সুন্দৰকৈ সাজ-পোছাক পৰিধান কৰা মহিলা সকলে সেই সুযোগৰ বাবে অপেক্ষা কৰি থাকে।

৪) যদি আপোনাৰ ছবিখন কোনো এটা শিতানত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হয়, তেন্তে ৰেড কাৰ্পেটত আপোনাৰ স্থান নিশ্চিত। অতি কম সংখ্যক ভাৰতীয় ছবিয়েই প্ৰকৃত চলচ্চিত্ৰ মহোৎসৱত স্থান লাভ কৰে বুলি ক’ব পাৰি।

৫) যদি আপুনি জুৰীৰ সদস্য, তেন্তে আপুনি ৰেড কাৰ্পেটত নিজকে কল্পনা কৰিব পাৰে।

৬) যদি আপুনি যিকোনো এখন দেশৰ প্ৰতিনিধি হিচাপে স্থান পাইছে, তেতিয়াও আপুনি ৰেড কাৰ্পেটলৈ যাব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...