সকলোৰে সন্মুখতে বিজেপিৰ মন্ত্ৰীয়ে চৰিয়ালে মহিলাক!

সকলোৰে সন্মুখতে এগৰাকী মহিলাক চৰিয়ালে মন্ত্ৰীয়ে। ভূমি বিবাদক লৈ কৰ্ণাটকৰ মন্ত্ৰী ভি সোমন্নাই প্ৰহাৰ কৰিলে এগৰাকী মহিলাক। ঘটনা চমাৰাজনগৰ জিলাৰ গুণ্ডলুপেটৰ হাংগালা গাঁৱৰ। ভূমি বিবাদৰ সমস্যাৰ বিষয়ে অৱগত কৰিবলৈ যোৱাৰ সময়তে খঙত অগ্নিশৰ্মা হৈ পৰে মন্ত্ৰীজন। অৰ্থনৈতিকভাবে পিছপৰা শ্ৰেণীৰ লোকক নথি বিতৰণৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছিল। সেই অনুষ্ঠানৰ মাজতে নিজৰ সমস্যাৰ বিষয়ে অৱগত কৰিবলৈ গৈছিল মহিলাগৰাকীয়ে। নিজৰ অসুবিধাৰ কথা অৱগত কৰাৰ সময়তে খঙত সম্বিত হেৰুৱাই সকলোৰে সন্মুখতে প্ৰহাৰ কৰিলে মহিলাক।

ইতিমধ্যে দেশজুৰি ভাইৰেল হৈ পৰিছে ভিডিঅ। বিৰোধীয়ে বিজেপিক তীব্ৰ সমালোচনা কৰিছে এই ঘটনাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...

আমেৰিকাই এতিয়াৰ বাবে ভেনিজুৱেলাত কোনো নিৰ্বাচনৰ অনুমতি নিদিয়ে!

অহা এমাহৰ ভিতৰত ভেনিজুৱেলাত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই।...