গৰ্ভত তিনিমহীয়া সন্তান লৈ গুচি গ’লগৈ নাজমা

হিন্দী চিনেমাৰ এক্সন নহয়, নহয় কোনো সম্পাদনা কৰা ভিডিঅ’। দেখিলে গাৰ নিয়ম শিয়ৰি উঠা, অসম্পাদিত ৰূপত আপোনাক দেখুৱাব নোৱাৰা এক চাঞ্চল্যকৰ ঘটনা। উদণ্ড চালকৰ তীব্ৰবেগী বাহনৰ খুন্দাত মুহূৰ্ততে সকলো শেষ। প্ৰায় ৫০ফুট দূৰলৈ চিটিকি গৈ আনটো দিশৰ পৰা অহা ডাম্পাৰৰ চকাৰ তলত সোমাল এগৰাকী মহিলা। কোনেও একো তলকিবই নোৱাৰিলে। ৰাঙলী হৈ পৰিল ৰাজপথ। অ’ত ত’ত পৰি থাকিল মাংসপিণ্ড। ৩মহীয়া সন্তান গৰ্ভতে লৈ মৃত্যুক সাৱটিলে মহিলাগৰাকীয়ে।

ঘটনা বজালীৰ ভৱানীপুৰৰ। শনিবাৰে বিয়লিৰ ভাগত সংঘটিত হয় এই ঘটনা। ৰাস্তা পাৰ হ’বলৈ ৰৈ আছিল মৃত্যুক সাৱটি লোৱা অধিবক্তা নাজমা য়াছমিন। তেনেতেই এখন ই-ৰিক্সাক বচাবলৈ গৈ এখন তীব্ৰবেগী ভেন্যু বাহনে মহতিয়াই লৈ যায় অধিবক্তাগৰাকীক। সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হয় CCTVত। সামাজিক মাধ্যমত CCTVৰ ভিজিুৱেল বিয়পি পৰাৰ পিছতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অতি মৰ্মান্তিক এই ঘটনা। তিনিমাহৰ অন্তসত্তা আছিল মহিলাগৰাকী। কিন্তু এই ঘটনাই মুহূৰ্ততেই শেষ কৰি পেলালে এটা পৰিয়ালৰ আশা-সপোনবোৰ। পৃথিৱীৰ পোহৰ নেদেখাকৈয়ে গুচি গ’লগৈ এটি কণমানি। ঘটনাৰ পিছতেই আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা ভেন্যুখন। ঘটনা সন্দৰ্ভত আটক কৰিছে বাহনখনৰ চালকসহ ৩ যুৱকক। ডাম্পাৰখন জব্দ কৰাৰ সমান্তৰালকৈ চালককো আটক কৰে আৰক্ষীয়ে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব দোষী কোন। হয়তো আইনে উচিত শাস্তিও দিব দোষীক। কিন্তু উভতি জানো আহিব নাজমা য়াছমিন? এই ঘটনাই অৱতাৰণা কৰিছে বহু প্ৰশ্নৰ, বহু কথাৰ। শনিবাৰে আবেলি ৪ বজা পৰ্যন্ত বজালী আদালতত আছিল নাজমা। কৰি গৈছিল সম্পাদন। হয়তো তেখেতেও ভবা নাছিল, ৰাস্তাত যে তেওঁৰ বাবে ৰৈ আছিল মৃত্যুৱে। মানুহৰ জীৱন কি ইমান মূল্যহীন! একাংশ উদণ্ড চালকৰ বাবে আৰু কিমানজনে হেৰুৱাব প্ৰাণ? চিৰ জীৱনৰ বাবে ঘুণীয়া হ’ব কিমানজন? বজালীৰ ঘটনাই শেষ ঘটনা হ’বনে? প্ৰশ্ন বহুত, কিন্তু উত্তৰ…

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...