ঈদ খাবলৈ গৈ কৰুণ মৃত্যু একেখন গাঁৱৰে তিনিজনকৈ যুৱকৰ

ঈদৰ আনন্দ-উল্লাসৰ মাজতে ঘটিল কোনেও কাহানিও নভবা অনাকাংক্ষিত ঘটনাটো। ঈদ খাবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে একেখন গাঁৱৰে তিনিজনকৈ যুৱকে।

নগাঁও-মৰিগাঁও মূলপথৰ সোণাৰিগাঁৱত নিশা সংঘটিত হয় সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। আৰোহী তিনিজন যুৱকক খুন্দিয়াই পলায়ন অচিনাক্ত বাহনখনৰ। ঘটনাস্থলীতে দ্বীপমণি আৰু চাবিদ নামৰ দুজন যুৱকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত চাজিদুল নামৰ এজন যুৱক। যুৱকজনক ততাতৈয়াকৈ গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল যদিও মৃত্যু হয় যুৱকজনৰ। AS 01FL 5689নম্বৰৰ বাইকখনৰ আৰোহী আছিল যুৱককেইজন। দুৰ্ঘটনাত নিহত তিনিওৰে ঘৰ মৰিগাঁৱৰ মৰি মুছলিম গাঁৱত। এই ঘটনাই শোকৰ ছাঁ পেলাইছে মৰিগাঁৱত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...