কৰ্তব্যৰত গৃহৰক্ষীক আক্ৰমণ কৰি হাবিলৈ চোচৰাই নিলে বাঘে

এক শিহৰণকাৰী ঘটনা। বনৰজাৰ ভয়ংকৰ আক্ৰমণৰ বলি গৃহৰক্ষী। কৰ্তব্যৰত গৃহৰক্ষীক আক্ৰমণ কৰি হাবিলৈ চোচৰাই নিলে বাঘে। অনাকাংক্ষিত ঘটনাত বিব্ৰত হৈ পৰিল সতীৰ্থ। বুধবাৰে সন্ধিয়া ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হয় এই শিহৰণকাৰী ঘটনা। হাতীৰ মাউত শ্বাহাজুল হকৰ সৈতে বিভাগীয় হাতীক ঔষধ খুৱাবলৈ গৈছিল বনৰক্ষী ধনমণি ডেকা। পাঁচনৈৰ পাৰে পাৰে কাহিবাৰী বন শিবিৰলৈ যোৱাৰ সময়তে হঠাৎ‍ ধনমণিৰ ওপৰত জপিয়াই পৰে এটা প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘ। মূহূৰ্ততে ডিঙিত ধৰি বাঘটোৱে ঘন জংঘললৈ চোচৰাই লৈ যায় ধনমণিক। কোনোমতে প্ৰাণ ৰক্ষা পৰা হাতীৰ মাউত শ্বাহাজুলে লগে লগে খবৰ দিয়ে উদ্যান কৰ্তৃপক্ষক। প্ৰকাণ্ড বাঘটোৰ মুখৰ পৰা ধনমণিক উদ্ধাৰৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগে ততাতৈয়াকৈ চলালে অভিযান। ১০টা হাতীৰ জৰিয়তে ঘন জংঘলত ৫০ গৰাকী বনকৰ্মীৰ দলে জপিয়াই পৰিল উদ্ধাৰ অভিযানত। প্ৰায় আঢ়ৈ ঘণ্টা ধৰি শ্বাসৰুদ্ধকৰ অভিযান। প্ৰথমে বাঘৰ মুখত অভিযানকাৰী দলে প্ৰত্যক্ষ কৰিলে ধনমণিক। লগে লগে বনৰক্ষীয়ে কৰিলে গুলীচালনা। কিন্তু প্ৰকাণ্ড বাঘটোৱে ধনমণিক মুখত লৈ ৩ কিলোমিটাৰ অঞ্চল চোচৰাই লৈ ফুৰিলে। নিশা প্ৰায় ৯ বজালৈ বন বিভাগৰ দলৰ আপ্ৰাণ প্ৰচেষ্টাত বাঘটোৱে এৰি থৈ গ’ল বনৰক্ষী ধনমণিক। কিন্তু তেতিয়ালৈ বহু পলম হৈছিল। ইতিমধ্যে বাঘটোৱে ধনমণিৰ ডিঙিৰ লগতে মুখমণ্ডল চিৰাচিৰ কৰাত শেষ নিশ্বাস ত্যাগ কৰিছিল দুৰ্ভগীয়া বনৰক্ষীজনে।

বাঘে থপিয়াই নিওতে ধনমণিয়ে চিঞৰি মাতিছিল সতীৰ্থ শ্বাহাজুল হকক। বাঘটোৱে চোঁচৰাই লৈ যাওতে ধনমণিৰ হাতৰ পৰা পৰি গৈছিল ৰাইফলটো। কিংকৰ্তব্যবিমূড় হৈ মাউট শ্বাহাজুল হকে কেইবা জাইও গুলি ফুটুৱাৰ পিছতো এৰি নিদিলে বাঘটোৱে। মুহূৰ্ততে ধনমণিক লৈ ঘন জংঘলত নোহোৱা হৈ গ’ল নৰখাদক বাঘটো।

নিশা বনবিভাগৰ দলে ধনমণিৰ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হ’ল তেওঁৰ ছিপাঝাৰৰ ঘৰখনত। মাত্ৰ ৬মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল ধনমণিত। এখন সুখৰ সংসাৰ গঢ়াৰ স্বপ্নৰ আৰম্ভণিতে এনেদৰে থানবান হোৱাত নিৰ্বাক হৈ পৰিল ধনমণিৰ নৱবিবাহিতা পত্নী। পুত্ৰৰ এনে অকাল বিয়োগৰ খবৰ পায় ঘনে ঘনে মুৰ্চা গৈছে হতভগীয়া মাতৃ। সমান্তৰালকৈ চৰকাৰ তথা বন বিভাগৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভৰ উদ্গীৰণ ঘটিল। এছিয়া মহাদেশৰ ভিতৰতে ওৰাঙত বাঘৰ ঘনত্ব সৰ্বাধিক। ২০১৬ চনত ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষিত ওৰাঙত আছে ২৬টা বাঘ । তেনেস্থলত হাতত এটা ৰাইফল দি কেৱল দুজন লোকক এনেদৰে কৰ্তব্য কৰিবলৈ দিয়াটো কিমান সমীচিন? বন বিভাগৰ কোনো প্ৰশিক্ষণ নোহোৱাকৈ গৃহৰক্ষী জোৱানক এনে দায়িত্ব দিয়াটো উচিত নে? বন বিভাগৰ এনে দায়িত্বহীন কৰ্মৰ বাবেই ধনমণিৰ এনে অপমৃত্যুৰ অভিযোগ তুলিলে স্থানীয় ৰাইজে।

সমান্তৰালকৈ ৰাইজে উত্থাপন কৰিলে মৃত গৃহৰক্ষীজনৰ পৰিয়ালক উচিত ক্ষতিপূৰণ আৰু কৰ্মসংস্থাপন প্ৰদান কৰাৰ দাবী।

ইফালে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যৰত গৃহৰক্ষীক বাঘে আক্ৰমণ কৰি হত্যা কৰাৰ পিছতে প্ৰশ্ন উত্থাপিত হৈছে কিয় নৰখাদকৰ সৃষ্টি হৈছে ওৰাঙত। বাঘৰ ঘনত্ব হিচাপে ওৰাঙত কমি গৈছে নেকি এলেকা? তীব্ৰ খাদ্যৰ নাটনিত পৰি হিংস্ৰ হৈ উঠিছে নেকি ওৰাঙৰ বাঘ? বাস্তৱ যিয়েই নহওক সবল যুক্তি নাথাকিলেও এই কথা অস্বীকাৰ কৰিছে দৰঙৰ জিলা বন বিষয়াই।

ইফালে ধনমণিৰ দুৰ্ভগীয়া পৰিয়াললৈ দৰং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা আগবঢ়াইছে ৩০ হাজাৰ টকাৰ সাহায্য। সমান্তৰালকৈ জিলা বন বিষয়া গৰাকীয়েও দিয়ে দুৰ্ভগীয়া পৰিয়ালটোক সাহাৰ্য প্ৰদানৰ আশ্বাস।

সৎ কৰ্মপটু তথা সদায় সকলো কামত আগ-ভাগ লোৱা ধনমণি ডেকাৰ মৃত্যুত সম্প্ৰতি সমগ্ৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ লগতে সমগ্ৰ অঞ্চলটোত পৰিছে শোকৰ ছাঁ। কিন্তু কাৰ গাফিলতিত এই মৰ্মান্তিক ঘটনা সংঘটিত হ’ল তাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে মৃতকৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।

Popular

More like this
Related

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত আগবঢ়াইছে সৰ্বাধিক ৮.৫৫% পৰ্যন্ত সুত

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত সৰ্বাধিক ৮.৫৫% পৰ্যন্ত...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিঙত অসমৰ বক্সাৰৰ প্ৰত্যাশিত আৰম্ভণি

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

ডিব্ৰুগড় থানাৰ একেটা লকআপত ৰাজ্যৰ দুই চৰ্চিত মহিলা

ডিব্ৰুগড় সদৰ থানাৰ একেটা লক আপৰ আলহী হ’লগৈ দুটা...

সোণাপুৰক লৈ কোনে খেলিছে পাশাখেল?

ৰক্তাক্ত হৈ পৰিল সোণাপুৰৰ কচুতলী। বেদখলকাৰী আৰু আৰক্ষীৰ মাজত...