মদাহী ড্ৰাইভাৰৰ কাণ্ড! এফালৰ পৰা মহটিয়ালে পথচাৰীক

সুৰাসক্তই বিভিন্ন সময়ত বিভিন্ন ঘটনা সংঘটিত কৰি আহিছে। মাজে সময়ে সুৰা সেৱন কৰি অপৰাধতো লিপ্ত হয় একাংশ। মুঠতে সময়ে সময়ে বাতৰিৰ শিৰোনাম দখল কৰে সুৰাপায়ীয়ে। এইবাৰ সুৰাৰ ৰাগীত মাতাল ড্ৰাইভাৰে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। বলেৰ’ গাড়ীৰে এফালৰ পৰা খুন্দিয়াই নিলে এজনৰ পাছত আনজনকৈ লোকক।

ঘটনা শিলচৰৰ। শুকুৰবাৰে নিশা শিলচৰৰ চদৰঘাট অঞ্চলত হুৱা-দুৱা লাগিল। সুৰামত্ত চালকে বলেৰ’ গাড়ীৰে খুন্দিয়ালে বাহনসহ খুন্দিয়ালে পথচাৰীক। ঘটনাত আহত হয় ১০জনৰো অধিক লোক। ঘটনা প্ৰত্যক্ষ কৰি কেইজনমান যুৱকে বাহনখনৰ পিছ লয়। এটা সময়ত শিলচৰ চহৰৰ পাৰ্কৰোডৰ পথত প্ৰকাণ্ড গাঁতৰ বাবে আবদ্ধ হৈ পৰে বাহনখন। ধৃত চালকজন মিজোৰামৰ আইজলৰ বাসিন্দা। তেতিয়াই উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰে গাড়ীখন। খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বাহনখনৰ চালকক আটক কৰি থানালৈ লৈ যায়। ধৃত চালকজন মিজোৰামৰ আইজলৰ বাসিন্দা। আনফালে বলেৰ’খনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে কেইবা কাৰ্টুন সুৰাৰ বটল।

Popular

More like this
Related

চলন্ত গাড়ীত জীৱন-মৰণৰ খেল

চলন্ত গাড়ীত জীৱন-মৰণৰ খেল। ৰাজপথত উদণ্ড যুৱকৰ ভয়ংকৰ কাণ্ড।...

সপ্তাহত এদিন সম্পূৰ্ণ সিজোৱা খাদ্য খাওক, তেল-মছলাৰ ব্যৱহাৰ কমাওক : স্বাস্থ্যমন্ত্ৰী

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী তথা...

মহানগৰীত আন এক ৰহস্যজনক মৃত্যুৰ ঘটনা

মহানগৰীত আন এক ৰহস্যজনক মৃত্যুৰ ঘটনা। এইবাৰ সাতগাঁৱৰ কোচপাৰাত...

১ কোটি টকা ৰান্ধনীৰ বাবে, ব্যক্তিগত সচিবৰ বাবে ১০ লাখ টকা | ৰতন টাটাৰ ইচ্ছাপত্ৰৰ সবিশেষ

২০২৪ চনৰ অক্টোবৰত মৃত্যুবৰণ কৰা উদ্যোগপতি তথা সমাজহিতৈষী ৰতন...