জনাৰ্দন দেৱগোস্বামীৰ পক্ষত হিন্দু সুৰক্ষা সেনা, অসম

মাজুলীত দুৰ্গা পূজাৰ আয়োজন আৰু শংকৰদেৱৰ গুণ তথা সামাজিক অৱস্থান সন্দৰ্ভত দক্ষিণপাট গৃহাশ্রমী সত্রৰ সত্রীয়া জনাৰ্দন দেৱগোস্বামীয়ে আগবঢ়োৱা মন্তব্যই ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে দেৱগোস্বামীৰ পক্ষত সৰৱ হৈছে হিন্দু সুৰক্ষা সেনা, অসম নামৰ সংগঠনটো।আজি এক প্রেছ বিবৃতিৰ জৰিয়তে সংগঠনটোৰ কেন্দ্রীয় সমিতিৰ সভাপতি নয়ন ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক কাঞ্চন নাথে কয় যে জনাৰ্দন দেৱগোস্বামীয়ে কেতিয়াও মাজুলীত দুৰ্গা পূজা পাতিম বুলি বা পাতিব লাগে বুলি কোৱা নাই। তেওঁ মাত্র মাজুলীত গিৰ্জাৰ কেৰল শুনিবলৈ বাধ্য হোৱা অৱস্থাত দুৰ্গা পূজাৰ মন্ত্র শুনাতো আপত্তি নাই বুলিহে কৈছিল। কিন্তু দেৱগোস্বামীৰ ভাষ্যক বিকৃত কৰি তেওঁক বৈষ্ণৱবিৰোধী বা নামধৰ্মবিৰোধী এক খলনায়ক সজাবলৈ অপচেষ্টা চলোৱা হৈছে আৰু উক্ত অপচেষ্টাত সংশ্লিষ্টসকল বহুখনি সফলো হৈছে।

আনহাতে শংকৰদেৱ সন্দৰ্ভত দেৱগোস্বামীয়ে আগবঢ়োৱা বক্তব্যকো বিকৃত কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি সভাপতি ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক নাথে কয় যে জনাৰ্দন দেৱগোস্বামীয়ে প্রকৃততে শংকৰদেৱৰ সৰ্বগুণাকাৰ ৰূপটোহে তুলি ধৰিছে আৰু শংকৰদেৱ যে অকল এগৰাকী ধৰ্মপ্রচাৰকেই নাছিল, মহাপুৰুষগৰাকী এজন দাৰ্শনিক, বিজ্ঞানী, সাহিত্যিক, সাংস্কৃতিক কৰ্মী, ক্রীড়াবিদ আদিও আছিল সেই কথাহে প্রকাশ কৰিছে। পিছে শংকৰদেৱক অকল ধৰ্মপ্রচাৰক ৰূপেহে আবদ্ধ কৰি ৰাখিব খোজা এচামৰ বাবে দেৱগোস্বামীৰ সত্য বচন অসহ্য হৈছে আৰু তেওঁৰ বিৰুদ্ধে অপপ্রচাৰত লিপ্ত হৈছে । একেটা বিবৃতিতে সেনাৰ নেতা দুগৰাকীয়ে জনাৰ্দন দেৱগোস্বামীৰ প্রতি নৈতিক সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰি কয় যে চৰকাৰ প্রশাসনে অনতিপলমে জনাৰ্দন দেৱগোস্বামীৰ সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে আৰু তেওঁক ভাবুকি দিয়াসকলক গ্রেপ্তাৰ কৰিব লাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...