ছুটকেছত উদ্ধাৰ কংগ্ৰেছৰ যুৱনেত্ৰীৰ মৃতদেহ

ছুটকেছত উদ্ধাৰ কংগ্ৰেছৰ যুৱনেত্ৰীৰ মৃতদেহ। ভাৰত জড়ো যাত্ৰাত ৰাহুলৰ সংগীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। পৌৰ নিৰ্বাচনৰ আগ দিনা কোনে হত্যা কৰিলে যুৱ নেত্ৰীক?

এক চাঞ্চল্যকৰ ঘটনা। পৌৰ নিৰ্বাচনৰ আগদিনা ৰাস্তাৰ কাছত পৰি থকা ছুটকেছৰ ভিতৰত ওলাল যুৱ কংগ্ৰেছ নেত্ৰীৰ মৃতদেহ। ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ সংগী আছিল যুৱতীগৰাকী।

ভাৰত জোড়ো যাত্ৰাত সক্ৰিয় ভূমিকা লৈছিল যুৱতী কংগ্ৰেছীগকাৰীয়ে। যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হ’ল ছুটকেছত। সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱা এই সংঘটিত হৈছে হাৰিয়ানাৰ ৰোহতকত।

যুৱতী কংগ্ৰেছ নেত্ৰীগৰাকীৰ নাম হিমানী নাৰৱাল। শীৰ্ষ কংগ্ৰেছ নেতাৰ আস্থা লাভ কৰা হিমানী বয়স ২২ বছৰ।অতি ব্যস্ত বাছষ্টেণ্ডত মৃতদেহ উদ্বাৰ হোৱা হিমানী পৰিচিত আছিল সমগ্ৰ হাৰিয়ানাতে।

দেওবাৰে হাৰিয়ানাৰ ৩৩ খন পৌৰসভাৰ নিৰ্বাচন। শনিবাৰে উদ্ধাৰ হ’ল যুৱতী কংগ্ৰেছ নেত্ৰীৰ মৃতদেহ। হিমানীৰ হত্যাৰ সৈতে ৰাজনীতি জড়িত থকাৰ সন্দেহ।

নিজৰ দলৰ ওপৰতো সন্দেহ হিমানীৰ পৰিয়ালৰ। কাৰণ কম সময়ৰ ভিতৰতে ৰাজনীতিত বহু প্ৰভাব পেলাবলৈ সক্ষম হৈছিল যুৱতীগৰাকীয়ে।

কংগ্ৰেছ নেতা দীপেন্দ্ৰ হুদাৰো ঘনিষ্ট হৈ পৰিছিল যুৱতী নেত্ৰীগৰাকী। কিন্তু মৰ্মান্তিক ঘটনা ঘটাৰ পিছত কংগ্ৰেছ কোনো নেতাই খবৰ কৰা নাই। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে হাৰিয়ানাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...