প্ৰতিজন লোকেই ল’লে ভেকচিন, এই ৰাজ্যই গঢ়িলে অভিলেখ

১০০ শতাংশ ভেক্সিনেচন সম্পূৰ্ণ কৰিলে এখন ৰাজ্যই। প্ৰাপ্তবয়স্ক সকলো লোকেই গ্ৰহণ কৰিলে দুয়োপালি ভেকচিন। এনে এজন লোক নাই যিজনে লোৱা নাই ভেকচিনৰ দুয়োটা ডজ। দেশজুৰি কভিড বিৰোধী যুঁজ চলি থকাৰ মাজতে হিমাচল প্ৰদেশৰ ঈৰ্ষণীয় সাফল্য। হিমাচল প্ৰদেশ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ১০০ শতাংশ লোকক সম্পূৰ্ণৰূপে টীকাকৰণ কৰা প্ৰথমখন ৰাজ্য ৰূপে পৰিগণিত হৈছে। ৰাজ্যখনৰ প্ৰায় ৫৩,৮৬,৩৯৩গৰাকী যোগ্য প্ৰাপ্তবয়স্ক লোকক দ্বিতীয় পালি প্ৰদান কৰা হৈছে। আগষ্টৰ শেষৰ ফালেও প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ১০০ শতাংশক প্ৰথম পালি টীকাকৰণ প্ৰদান কৰা হিমাচল প্ৰদেশ প্ৰথম ৰাজ্যৰূপে স্বীকৃত হৈছিল। এই উপলক্ষ্যে বিলাসপুৰৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত কোভিড কৰ্মীসকলক সন্মান জনোৱাৰ বাবে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াৰ উপস্থিতিত কভিড বিৰোধী যুঁজৰ কৰ্মীসকলে টীকাকৰণত লোৱা ভূমিকাৰ বাবে স্বীকৃতি প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী ৰাজীৱ চাইজালেও এই অনুষ্ঠানটোত উপস্থিত থকাৰ কথা।

অসমতো প্ৰতিগৰাকী লোকক প্ৰথম পালি ভেকচিন প্ৰদানৰ বাবে ঘৰে ঘৰে অভিযান চলিছে। এতিয়াও বিভিন্ন কাৰণত একাংশই গ্ৰহণ কৰা নাই ভেকচিন। ভেকচিনৰ ভয়ত একাংশই বিচনাৰ তলত লুকাই থকাৰ বিপৰীতে কোনোবাই আকৌ বাগিচাৰ মাজে মাজে প্ৰাণটাকি দৌৰিছে। একাংশই নাৰ্ছ-স্বাস্থ্যকৰ্মীক গালি পৰাৰ বিপৰীতে কোনোবাই আকৌ ৰেচন কাৰ্ড দিলে ভেকচিন লোৱাৰ দাবী জনাইছে। আন একাংশক ধৰি-বান্ধি ভেকচিন দিব লগা হৈছে। বহুজনে আকৌ ভগৱান লম্ভাৰ আজৱ দাবী কৰাৰ ফটো-ভিডিঅও ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। তাৰ মাজতে স্বাস্থ্য-কৰ্মী আৰু প্ৰশাসনৰ লোকে প্ৰতিজন লোকক ভেকচিন প্ৰদানৰ বাবে লক্ষ্য আগত ৰাখি দৈনিক প্ৰচেষ্টা হাতত লৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...