প্ৰথমে কি প্ৰয়োজন ৰাষ্ট্ৰ নে ধৰ্ম? হিজাব বিতৰ্কক লৈ উদ্বেগ উচ্চ ন্যায়ালয়ৰ

হিজাব বিতৰ্কক লৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ প্ৰশ্ন। হিজাব বিতৰ্কই দেশ বিভক্ত কৰাৰ চেষ্টা চলাইছে। প্ৰথমে কি প্ৰয়োজন ৰাষ্ট্ৰ নে ধৰ্ম। কৰ্ণাটকৰ হিজাব বিতৰ্কক লৈ উদ্বেগ প্ৰকাশ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ। মাদ্ৰাজ হাইকৰ্টৰ মুখ্যন্যায়াধীশ এম এন ভাণ্ডাৰী আৰু ন্যায়াধীশ বি ভাৰত চক্ৰৱৰ্তীৰ বিচাৰপীঠৰ মন্তব্য কিছু শক্তিয়ে পোছাক বিতৰ্কৰ সৃষ্টি কৰিছে আৰু ই সমগ্ৰ ভাৰততে বিয়পি পৰিছে। কোনো লোক হিজাবৰ পক্ষত কোনো লোক টুপীৰ পক্ষত। এইখন এখন দেশ, ইয়াক ধৰ্মৰ নামত বিভক্ত কৰা হৈছে। বৃহস্পতিবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ত তৃতীয় দিনৰ বাবে হিজাব বিতৰ্কৰ শুনানি অনুষ্ঠিত হয়। গোচৰটোৰ ৰায় নিদিয়ালৈকে শিক্ষানুষ্ঠানত ধৰ্মীয় কাপোৰ পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ন্যায়ালয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীৰ নতুন চামগুৰি সত্ৰত ঐতিহ্যমণ্ডিত মুখা নিৰ্মাণত ব্যস্ত লণ্ডনৰ শিল্পী

মাজুলীৰ ঐতিহ্যমণ্ডিত মুখাশিল্পই পুনৰ লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰিচয়। গুৰুজনাৰ...

ভাৰতত অব্যাহত মূল্যবৃদ্ধিৰ চাপ; আগষ্টত ভাৰতৰ পাইকাৰী মুদ্ৰাস্ফীতি ৯.৯২ শতাংশলৈ বৃদ্ধি

ভাৰতৰ পাইকাৰী মূল্যভিত্তিক মুদ্ৰাস্ফীতি আগষ্ট মাহত বৃদ্ধি পাই ৯.৯২...

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...