হেমন্ত কুমাৰ কলিতা বিশ্ব বক্সিঙৰ বিত্ত আৰু হিচাপ কমিটীৰ সদস্যৰূপে নিৰ্বাচিত

ভাৰতীয় বক্সিং ফেডাৰেচনৰ সচিব প্ৰধান তথা অসম এমেচাৰ বক্সিং সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ কলিতা বিশ্ব বক্সিঙৰ সন্মানীয় বিত্ত আৰু হিচাপ কমিটীৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে৷ উল্লেখ্য যে বিশ্ব বক্সিঙৰ কাৰ্যকৰী পৰিষদৰ অন্তৰ্গত বিত্ত আৰু হিচাপ কমিটীৰ এটা সদস্য পদ মুকলি থকাত সেই পদতে এছিয়াৰ প্ৰতিনিধিৰূপে কলিতাক দায়িত্ব দিয়া হৈছে৷

এই বিষয়ে অবগত কৰিছে কমিটীখনৰ অধ্যক্ষ জুলিয়াছ ফেল্টনে৷ উল্লেখ্য যে অষ্ট্ৰেলিয়া বক্সিং ফেডাৰেচনৰ সঞ্চালকৰ দায়িত্বত থকা জুনিয়াছ বিশ্ব বক্সিঙৰ বিত্ত আৰু হিচাপ কমিটীৰ অধ্যক্ষ৷ ইফালে, এই সন্মানীয় পদ লাভ কৰাৰ বাবে অসমৰ বিশিষ্ট ক্ৰীড়া সংগঠকগৰাকীক শুভেচ্চা জনাইছে ভাৰতীয় বক্সিং ফেডাৰেচন তথা অসম এমেচাৰ বক্সিং সন্থাই৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...