হেমন্ত কুমাৰ কলিতা বিশ্ব বক্সিঙৰ বিত্ত আৰু হিচাপ কমিটীৰ সদস্যৰূপে নিৰ্বাচিত

ভাৰতীয় বক্সিং ফেডাৰেচনৰ সচিব প্ৰধান তথা অসম এমেচাৰ বক্সিং সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ কলিতা বিশ্ব বক্সিঙৰ সন্মানীয় বিত্ত আৰু হিচাপ কমিটীৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে৷ উল্লেখ্য যে বিশ্ব বক্সিঙৰ কাৰ্যকৰী পৰিষদৰ অন্তৰ্গত বিত্ত আৰু হিচাপ কমিটীৰ এটা সদস্য পদ মুকলি থকাত সেই পদতে এছিয়াৰ প্ৰতিনিধিৰূপে কলিতাক দায়িত্ব দিয়া হৈছে৷

এই বিষয়ে অবগত কৰিছে কমিটীখনৰ অধ্যক্ষ জুলিয়াছ ফেল্টনে৷ উল্লেখ্য যে অষ্ট্ৰেলিয়া বক্সিং ফেডাৰেচনৰ সঞ্চালকৰ দায়িত্বত থকা জুনিয়াছ বিশ্ব বক্সিঙৰ বিত্ত আৰু হিচাপ কমিটীৰ অধ্যক্ষ৷ ইফালে, এই সন্মানীয় পদ লাভ কৰাৰ বাবে অসমৰ বিশিষ্ট ক্ৰীড়া সংগঠকগৰাকীক শুভেচ্চা জনাইছে ভাৰতীয় বক্সিং ফেডাৰেচন তথা অসম এমেচাৰ বক্সিং সন্থাই৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...