নিৰ্ধাৰিত গতিবেগৰ ওপৰত গাড়ী চলালে ২০০০ টকা জৰিমনা

৪০ কি:মি: বেগেৰে গাড়ী চলোৱাতো সম্ভৱ নে?

ৰাজপথত দেখিছে নেকি পৰিবহণ বিভাগৰ এখন বিশেষ গাড়ী? সাৱধান হওক! ২০০০ টকাৰ জৰিমনা ভৰিবলগীয়া হ’ব পাৰে আপুনি। ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্ধাৰণ কৰি দিয়া বেগতকৈ অধিক গতিবেগেৰে গাড়ী চলালে ২০০০ টকা জৰিমনা বিহাৰ ব্যৱস্থা কৰিছে পৰিবহণ বিভাগে। বিভিন্ন স্থানত ইণ্টাৰচেপ্টৰ বাহন আৰু স্পীড গান সংস্থাপন কৰি সংগ্ৰহ কৰিছে বৃহত্‍ পৰিমাণৰ জৰিমনা। এনেদৰে ২০০০ টকাকৈ জৰিমনা বিহাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। প্ৰশ্ন উঠিছে সমগ্ৰ দেশত ৪০০ টকাৰ নিৰ্ধাৰিত জৰিমনাৰ বিপৰীতে অসমত ২০০০ টকা জৰিমনা সংগ্ৰহ কিয়? পৰিবহণ বিভাগে জৰিমনা সংগ্ৰহ অভিযানৰ কথা ৰাজহুৱা নকৰি লুকাই-চোৰকৈ জালত পেলাবলৈ ৰৈ থকা বুলিও বিভিন্নজনে অভিযোগ তুলিছে ৰাজহুৱাভাৱে। ক’ভিডত জুৰুলা ৰাজ্যই ৰাজকোষ পূৰাবলৈ এইদৰে জৰিমনাৰ ব্যৱস্থা কৰিছে নেকি বুলিও প্ৰশ্নৰ উপস্থাপন হৈছে।

৫-৬টা গীয়েৰৰ গাড়ী ৪০ কি:মি:ত কেনেকৈ চলাব?

পৰিবহণ বিভাগে বিভিন্ন জিলাৰ বিষয়াক জৰিমনা সংগ্ৰহৰ বাবে টাৰ্গেট বান্ধি দিয়াৰ লগতে টাৰ্গেট পূৰ্ণ কৰিব নোৱাৰিলে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ ভাবুকিও দিছে বুলি অভিযোগ উঠিছে। প্ৰশ্ন উঠিছে দীৰ্ঘদূৰত্ব যাত্ৰাৰ ক্ষেত্ৰত প্ৰতিঘণ্টাত ৪০ কিঃমিঃ বেগেৰে গাড়ী চলোৱাতো সম্ভৱ নে? ৫-৬টা গীয়েৰ থকা অত্যাধুনিক গাড়ী ৪০ কিঃমিঃ বেগেৰে কেনেকৈ চলাব বুলিও প্ৰশ্ন উত্থাপন কৰিছে যান-বাহনৰ গৰাকীয়ে? শেহতীয়াকৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ ফ’ৰ লে’ন ৰূপে নিৰ্মাণ কৰা হ’ল যদিও এই পথছোৱা ইমানেই নিম্নমানৰ যে ৪০ কিঃমিঃতকৈ অধিক বেগত গাড়ী চলাব নোৱাৰি নেকি বুলি চৰ্চা চলিছে।

৪০ কি:মি:তে যদি গাড়ী চলাব লাগে কিহৰ ফ’ৰ লে’ন সাজিলে NHAIয়ে?

দেশৰ বিভিন্ন এক্সপ্ৰেছ হাইৱে’ত ৰাজহুৱা পৰিবহণ গাড়ীৰ ন্যূনতম গতিবেগ ঘণ্টাত ১০০ কিঃমিঃ আৰু ব্যক্তিগত বাহনৰ কোনো ন্যূনতম গতিবেগ নাই। এনে অৱস্থাত যোৱা ৫০ বছৰ ধৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেছিভাগ ঠাইতে সৰ্বোচ্চ গতিবেগ ঘণ্টাত ৫০ কিঃমিঃ হৈ থকাৰ পিছত ভুক্তভোগীয়ে প্ৰশ্ন তুলিছে– ৪০ কিঃমিঃতে যদি গাড়ী চলাব লাগে কিহৰ ফ’ৰ লে’ন সাজিলে NHAIয়ে? এ‍বাৰ এই নীতি ভংগ কৰিলে ২০০০ টকা জৰিমনা যদিও দুবাৰ জৰিমনা ভৰিলে হ’ব পাৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। উপৰ্যুপৰি ভংগ কৰিলে ড্ৰাইভিং লাইচেন্স জব্দ, পঞ্জীয়ন পৰ্যন্ত বাতিল হ’ব পাৰে। বহু লোকে ইণ্টাৰচেপ্টৰ দেখিলে গতি বেগ হ্ৰাস কৰে যদিও শেহতীয়াকৈ বিভিন্ন অঞ্চলত স্পীড গান স্থাপন কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কঠোৰ ব্যৱস্থা লোৱাৰ লগতে টীয়ক, নগাঁও বাইপাছ, গুৱাহাটী বাইপাছ আদিত বহুকেইখন ইণ্টাৰচেপ্টৰ নিয়োগ কৰিছে পৰিবহণ বিভাগে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...