আমেৰিকাত অভূতপূৰ্ব গ্ৰীষ্মপ্ৰবাহঃ তপত খোলাত পৰিণত সমগ্ৰ দেশ

✒️অচিন্ত্য শৰ্মা

বিশ্বৰ প্ৰান্তে প্ৰান্তে এতিয়া প্ৰকৃতিৰ তাণ্ডৱ। নিৰ্বননীকৰণ আৰু প্ৰকৃতিৰ ওপৰত মানুহে কৰা অন্যান্য অত্যাচাৰৰ পৰিণতিত সৃষ্টি হোৱা গোলকীয় উষ্ণায়ণ আৰু জলবায়ু পৰিবৰ্তনৰ কুফলে এতিয়া গ্ৰাস কৰিছে সমগ্ৰ ধাৰা। সাৰি যোৱা নাই বিশ্বৰ কোনো এখন দেশ, কোনো এটা প্ৰন্ত। অত্যুন্নত প্ৰযুক্তিৰ দেশ আমেৰিকাত চলিছে প্ৰকৃতিৰ তাণ্ডৱ। অসমত বানসৃষ্ট জলপ্ৰলয় চলাৰ বিপৰীতে আনটো মূৰত থকা মাৰ্কিন যুক্তৰাষ্ট্ৰক দহিছে অভূতপূৰ্ব গ্ৰীষ্মপ্ৰবাহে। দেশখনৰ গৰিষ্ঠ সংখ্যক অঞ্চলতেই অভিলেখ সৃষ্টি কৰিছে উষ্ণতাই। প্ৰভাবিত হৈছে চাৰে বাৰ কোটিৰো অধিক লোক। উপায়ন্তৰ বাইদেন প্ৰশাসনে এতিয়া মানুহক পৰামৰ্শ দিছে যিমান সম্ভৱ সিমান ঘৰৰ ভিতৰতে সোমাই থাকিবগৈ।

দৰাচলতে আমেৰিকা গৰমৰ দহন আৰম্ভ হৈছিল যোৱা ফেব্ৰুবাৰী মাহতেই। মাহতোৰ দ্বিতীয় সপ্তাহত ছান ফ্ৰাঞ্চিকো, লছএঞ্জেলছ, ছান দিয়েগো আদিত উষ্ণতাই ভংগ কৰিছিল পূৰ্বৰ সকলো অভিলেখ। মে’ত অন্য এক গ্ৰীষ্ম প্ৰবাহে কোবাই গৈছিল সমগ্ৰ দেশখনক। সেই সময়ত ছিকাগো চহৰত গৰমৰ বাবেই তিনিজনকৈ লোকৰ মৃত্যু ঘটিছিল। ১৪ মে’ত এই অঘটন ঘটাৰ পিছত ১৯ মে’ত মেমফিচত মৃত্যু ঘটিছিল আন এটা শিশুৰ। তাত্পৰ্যপূৰ্ণ ভাবে তেতিয়ালৈকে কিন্তু আমেৰিকাৰ কোনো এটা প্ৰান্ততেই তাপমাত্ৰাই ৩৫ ডিগ্ৰী ছেলছিয়াছ অতিক্ৰম কৰা নাছিল। পিচে ভাৰত বা ভাৰতবাসীৰ বাবে একপ্ৰকাৰ মধ্যমীয়া সেই তাপমাত্ৰাই সহ্য কৰিব পৰা নাছিল আমেৰিকাবাসীয়ে। দেশখনত তাপমাত্ৰা অত্যাধিক হৈ উঠিছে জুন মাহত। বিশেষকৈ আমেৰিকাৰ পশ্চিমাঞ্চলত উষ্ণতাই এইবাৰ ৪০-৪৫ আনকি ঠাই বিশেষে ৫০ ডিগ্ৰী ছেলছিয়াছো অতিক্ৰম কৰিছে। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি গৰমে সৃষ্টি কৰিছে নতুন অভিলেখৰ। নিজৰ বাতানুকূল গাড়ীৰপৰা নামি তেল-ডিপোত তেল ভৰাব লওঁতেও মৃত্যুমুখত পৰিছে মানুহ। এনে অভুতপূৰ্ব গৰমে দেশখনৰ কিছুমান ঠাইত পানীৰ অভাব আৰু বিদ্যুৎ সংকটৰো সৃষ্টি কৰিছে। ইয়ে জনজীৱন কৰি তুলিছে দুৰ্বিসহ।

ইফালে এনে অভূতপূৰ্ব গৰমে আমেৰিকাৰ সেৱাখণ্ডক ব্যাপক ভাবে প্ৰভাবিত কৰিছে। সকলো মানুহে সকলো ধৰণৰ কাম ঘৰৰ পৰা কৰিব পৰা নাই আৰু ঘৰৰ পৰা ওলাই যাব পৰা নাই। পৰিণতিত দেশখনৰ সামগ্ৰীক অৰ্থনীতিয়েই বিধ্বস্ত হৈ পৰাৰ অন্য এক দুৰ্ভাৱনা প্ৰকট হৈ উঠিছে। মাৰ্কিন বতৰ বিজ্ঞান কেন্দ্ৰই সকীয়াই দিয়ামতে এনে উষ্ণ প্ৰবাহৰ পৰা পৰিত্ৰাণ নপাব আমেৰিকাবাসীয়ে। বৰঞ্চ আহিব ধৰা সপ্তাহটোত পৰিস্থিতিৰ অধিক অবণতিহে ঘটিব। আৰু তেনে অৱস্থাত নিশ্চিতভাবেই সমগ্ৰ আমেৰিকাখনে হৈ পৰিব জুইৰ ওপৰত উটাই ৰখা খোলাটোৰ নিচিনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...