উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ
মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু শিক্ষা সচিবলৈ পত্ৰ প্ৰেৰণ

বিগত ১০ দিন ধৰি ৰাতিপুৱাৰে পৰা উৎকট গৰমৰ সন্মুখীন হৈ আহিছে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত অধ্যয়নৰত শিক্ষাৰ্থী সকলে। প্ৰতিদিনে উষ্ণতা বৃদ্ধি হৈ ৩৩°/৩৫° হৈছেগৈ। আজিৰ দিনটোত তাপমান পুৱা ৮ বজাত 32°ত আৰম্ভ হৈ বিয়লি এই তাপমান ৩৫° হৈছে গৈ। আদ্ৰতাৰ পৰিমাণ ৬০°ৰ উৰ্দ্ধত। সাধাৰণ বতাহৰ পৰিমাণ ঘন্টাত মাত্ৰ ৬ কিলোমিটাৰ বুলি ইন্টাৰনেট বতৰ বিজ্ঞানৰ পৰা জনা গৈছে বুলি শিক্ষক মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে এক প্ৰেছ বিবৃতি যোগে জনাইছে। শিক্ষক মঞ্চৰ পৰা শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ বাবে আহ্বান জনাই ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু শিক্ষা সচিবক মেইলত যোগে আবেদন জনাইছে। শেহতীয়া ভাৱে ৰাজ্যখনৰ তাপমাত্ৰা ভয়ানক ভাৱে বৃদ্ধি পোৱাত শিক্ষাৰ্থী সকলৰ স্বাস্থ্যৰ প্ৰতি ভয়ানক ভাৱে ভাবুকিৰ সৃষ্টি কৰিছে। পাৰস্তম্ভত তাপমাত্ৰা ভয়াবহ ভাৱে বৃদ্ধি পোৱাত শিক্ষাৰ্থী সকলে গৰমত বিভিন্ন ৰোগত ভুগিছে। শ্ৰেণী কোঠাত পাঠ গ্ৰহণ বাধাপ্ৰাপ্ত হৈছে। ইতিমধ্যে ৰাজ্যৰ কিছুমান জিলাত ছয়মাহিলি পৰীক্ষা আৰম্ভ হৈছে। বাকী থকা জিলা সমূহত অহা সপ্তাহৰ ভিতৰত আৰম্ভ হ’ব। এনে অৱস্থাত উৎকট গৰমত তীব্ৰ মানসিক আৰু শাৰীৰিক চাপত দিন অতিবাহিত কৰিব লগা হৈছে শিক্ষাৰ্থী সকলে। বহুতো ছাত্ৰ-ছাত্ৰী মূৰ্চ্ছা যোৱা, মূৰৰ বিষ, জ্বৰ বমি আদিত ভুগিছে।

অত্যধিক তাপমাত্ৰা বৃদ্ধিয়ে শিক্ষাৰ্থী সকলক জলা কলা খুৱোৰ বিষয়ে দোহাৰী শিক্ষক মঞ্চৰ নেতৃত্বই কয় যে, কেইবাখনো বিদ্যালয়ত উৎকট গৰম সহ্য কৰিব নোৱাৰি শিক্ষাৰ্থী অসুস্থ হৈ পৰাৰ তথ্য শিক্ষক মঞ্চই লাভ কৰাৰ পৰিপেক্ষিতত অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগক বিদ্যালয়ৰ সময় সূচী সলনি কৰিবলৈ শিক্ষক মঞ্চই আহ্বান জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...