গোৱালপাৰা অসামৰিক চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ

অহা দুবছৰৰ ভিতৰত গোৱালপাৰা জিলাৰ চিকিৎসা খণ্ডৰ উত্তৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হ’ব : সিংহল

স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি পুৱাৰ ভাগত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনিৰ প্ৰতিটো ৱাৰ্ড পৰ্যবেক্ষণ কৰাৰ লগতে বিভিন্ন ব্যৱস্থাৱলী পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়ৰ অধীক্ষক, জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ বিষয়ববীয়াসকল আদিৰ সৈতে এক বৈঠকত মিলিত হৈ চিকিৎসালয়খনিৰ বিভিন্ন সুবিধা-অসুবিধাসমূহৰ বুজ লয়। চিকিৎসালয়খনত সন্তান প্ৰসৱৰ বাবে অহা প্ৰসুতিৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালেই প্ৰস্তাৱিত ১০০ খন বিছনাযুক্ত প্ৰসুতি আৰু শিশু চিকিৎসালয় নিৰ্মাণৰ বাবে প্ৰয়োজনীয় কাম-কাজ আৰম্ভ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। চিকিৎসালয় চৌহদত কভিডৰ সময়ত নিৰ্মাণৰ কাম আৰম্ভ হোৱা আৰু বৰ্তমানেও অসম্পূৰ্ণ হৈ থকা ক্ৰিটিকেল কেয়াৰ ইউনিট আৰু চিকিৎসক তথা নাৰ্ছৰ আৱাসগৃহসমূহ সম্পূৰ্ণ কৰাৰ বাবেও প্ৰয়োজনীয় প্ৰস্তাৱ দাখিল কৰিবলৈ তেওঁ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকক নিৰ্দেশ দিয়ে। চিকিৎসালয়খনত ডাক্তৰ, নাৰ্চৰ লগতে স্বাস্থ্যকৰ্মীৰ নাটনিৰ বিষয় সন্দৰ্ভত অৱগত হৈ এই দিশত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ আশ্বাস দিয়ে। দক্ষিণ-পশ্চিম অসমৰ কেইবাখনো জিলাৰ লগতে বৰপেটা তথা বঙাইগাঁও জিলাৰ নৈপৰীয়া অঞ্চলসমূহ আৰু মেঘালয়ৰ পৰাও অহা ৰোগীৰ বাবে গোৱালপাৰাক চিকিৎসাৰ এক উন্নত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে অহা দুবছৰৰ ভিতৰত জিলাখনৰ চিকিৎসা ব্যৱস্থাৰ উত্তৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হব বুলি তেওঁ জানিবলৈ দিয়ে।

মন্ত্ৰীগৰাকীয়ে আজি গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে চিকিৎসালয় চৌহদত বৃক্ষৰোপণ কৰাৰ লগতে এই উপলক্ষে আয়োজিত এক অনুষ্ঠানতো অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কয় যে স্বাস্থ্যমন্ত্ৰী হিচাপে এই চিকিৎসা প্ৰতিষ্ঠানৰ পৰাই আনুষ্ঠানিকভাৱে তেওঁৰ যাত্ৰা আৰম্ভ হ’ল। সমাজ ব্যৱস্থাত চিকিৎসকৰ বিশেষ স্থান আছে বুলি উল্লেখ কৰি তেওঁ কয় যে মানুহে ভগৱানৰ পিছতেই চিকিৎসকক দেৱতা জ্ঞান কৰে। সেয়ে নিজৰ বৃত্তিটোক চাকৰিৰ সলনি মানৱ-সেৱা হিচাপে লৈ কৰ্তব্যত আত্মনিয়োগ কৰিবলৈ তেওঁ চিকিৎসাকৰ্মীসকলৰ প্ৰতি আহ্বান জনায়। গোৱালপাৰা চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত এসপ্তাহৰ বাবে এক স্বচ্ছতা অভিযান হাতত ল’বলৈও তেওঁ কৰ্তৃপক্ষক আহ্বান জনায়।

আজিৰ এই পৰিদৰ্শনকালত স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সৈতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ জনবীৰ দাস, অধীক্ষক ডাঃ চিত্তৰঞ্জন হাজৰিকা, উপ-অধীক্ষক ডাঃ অঞ্জনা দাসৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...