দুপৰ টেঙাৰ আচৰিত ৯টা গুণ

দুপৰ টেঙা বা পাতে গজা এবিধ ঔষধি গুণ থকা ৰসাল উদ্ভিদ। পাতৰ পৰা বৃদ্ধি হয় বাবে ইয়াক পাতে গজা বুলি কোৱা হয়। দুপৰীয়া টেঙা হয় বাবে কোৱা হয় দুপৰ টেঙা। এই ভেষজ উদ্ভিদ বিধ বিশেষকৈ প্ৰস্ৰাবৰ বিভিন্ন ৰোগৰ বাবে মহৌষধি বুলি জনাজাত। সপ্তাহত তিনি দিন ইয়াৰ পাত ৰান্ধি বা চাটনি কৰি খালে প্ৰস্ৰাবৰ সকলো ৰোগ নিৰাময় হয়। তদুপৰি দুপৰ টেঙাই বৃক্কৰ পাথৰ নিৰাময়তো সহায়ক। দুপৰ টেঙাৰ পাত খালে পিত্তৰ পাথৰ, বৃক্কৰ পাথৰ গলাব পাৰে। প্ৰস্ৰাব বন্ধ হ’লে, জ্বলা-পোৰা হ’লে, হালধীয়া হ’লে কেইখিলামান পাত খুন্দি নাড়ীত লগাই থ’লে প্ৰস্ৰাব ভাল হয়। দুপৰ টেঙাই কৰ্কট ৰোগৰ কোষ বিকাশ ঘটিবলৈ নিদিয়ে। জুইয়ে পোৰা, উতলা পানী গাত পৰিলে কেঁচা পাতৰ প্ৰলেপ দিলে উপকাৰ পোৱা যায়। শুকান পাতৰ চাহ খালে হাপানী ৰোগ নিৰাময়ত সহায় কৰে। তদুপৰি মধুমেহ, জণ্ডিচ, চৰ্দি, কাঁহ, ৰক্ত চাপ, ফোহা, কাণৰ বিষ আদি বহু অসুখত ব্যৱহাৰ কৰিব পাৰি এই দুপৰ টেঙাৰ পাত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ধোঁৱাচাঙত উঠিল বিজ্ঞান প্ৰযুক্তিবিদ্যা! ৰাজ্যত পুনৰ সংঘটিত হ’ল ডাইনীকাণ্ড

ধোঁৱাচাঙত উঠিল বিজ্ঞান প্ৰযুক্তিবিদ্যা! ৰাজ্যত পুনৰ সংঘটিত হ'ল ডাইনীকাণ্ড।...

তেজপুৰৰ কলীয়াভোমোৰা দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা

তেজপুৰৰ কলীয়াভোমোৰা দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা। বাইকৰ পৰা উফৰি...

ৰোহিত শৰ্মাক ‘শকত’, ‘অদক্ষ অধিনায়ক’ বুলি কোৱা কংগ্ৰেছ নেত্ৰীয়ে অৱশেষত খেলুৱৈজনক জনালে অভিনন্দন

কংগ্ৰেছ নেত্ৰী শামা মোহাম্মদে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেলৰ খিতাপ...

সফলতাই হ’ল শ্ৰেষ্ঠ প্ৰতিশোধ: ৰতন টাটাই কিদৰে গঢ়ি তুলিলে টাটা মটৰ্ছক?

সফলতাই হ’ল শ্ৰেষ্ঠ প্ৰতিশোধ, আৰু ৰতন টাটাই টাটা মটৰ্ছক...