ভাৰত-ভূটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ

জনতা ভৱনত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি জনতা ভৱনত অনুষ্ঠিত এক বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে। বিভাগৰ আয়ুক্ত-সচিব পি অশোক বাবু, স্বাস্থ্যসেৱাৰ সঞ্চালক ডাঃ উমেশ ফাংছ’ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কাৰ্যবাহী সঞ্চালক ডঃ মনোজ চৌধুৰী প্ৰমুখ্যে অন্যান্য শীৰ্ষ বিষয়াসকলে ভাগ লোৱা এই বৈঠকত মূলতঃ চৰকাৰী ঔষধ ক্ৰয় ব্যৱস্থা, ফাৰ্মাচীসমূহৰ পঞ্জীয়ণ, নিৰীক্ষণ আৰু ডিজিটাইজেশ্যনৰ ব্যৱস্থা, একীকৃত ৱেৱ পৰ্টেল আৰু সংহত তথ্য ব্যৱস্থাপনা ব্যৱস্থা, খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসন ব্যৱস্থাৱলী, স্বাস্থ্য খণ্ডসমূহৰ সু-সংহতকৰণ, ‘দুৰ্গমৰ পৰা সুগমলৈ’ আঁচনিৰ ৰূপায়ণ, চিকিৎসা সেৱাত ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্ব ব্যৱস্থা সূচনাৰ পৰিকল্পনা আদি বিষয়ৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰা হয়। বৈঠকত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ভাৰত-ভুটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হয়। বিষয়টোত উদ্বেগ প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই অঞ্চলসমূহত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ লবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। অঞ্চলসমূহত মেলেৰিয়াৰ সংক্ৰমণ যাতে অধিক বৃদ্ধি নাপায় আৰু আক্ৰান্ত ৰোগীসকলে যাতে যথোপযুক্ত চিকিসা সেৱা লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ বাবে বিটিচি প্ৰশাসন, বন বিভাগ আৰু সংশ্লিষ্ট পক্ষসমূহৰ সৈতে বৈঠকত মিলিত হৈ অনতিপলমে যাৱতীয় পদক্ষেপ গ্ৰহণৰ বাবে মন্ত্ৰী সিংহলে বিভাগৰ আয়ুক্ত-সচিব পি অশোক বাবুক নিৰ্দেশ দিয়ে। ভিতৰুৱা অঞ্চলসমূহত প্ৰয়োজন সাপেক্ষে অস্থায়ী চিকিৎসা শিবিৰ স্থাপন কৰাৰ লগতে চুবুৰীয়া ভূটান প্ৰশাসনৰ সৈতে সন্মিলিতভাৱে পদক্ষেপ গ্ৰহণৰ ব্যৱস্থা লবলৈ তেওঁ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে। আক্রান্ত অঞ্চলসমূহ ভ্ৰমণ কৰি পৰিস্থিতিৰ প্ৰত্যক্ষভাৱে তদাৰক কৰাৰ বাবে আৰু নিয়মীয়াভাৱে তাৰ প্ৰতিবেদন দাখিলৰ বাবেও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্যসেৱাৰ সঞ্চালক ডাঃ উমেশ ফাংছ’ক নিৰ্দেশ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...