সফলতাৰ শিখৰত উপনীত হৈও তেওঁ পাহৰা নাই নিজৰ শিপা

বলীউডৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী। পাৰাপাৰহীন জনপ্ৰিয়তা শিল্পীজনৰ। এটা বহুবিলাসী জীৱন-যাপন কৰিব পৰাকৈ সামৰ্থ আছে তেওঁৰ। তথাপি অতি সাধাৰণভাৱে জীৱন অতিবাহিত কৰিছে তেওঁ। দেশে-বিদেশে শিল্পীজনৰ আছে অগণন অনুৰাগী। হয়তো আপুনিও তেওঁৰ অনুৰাগী।

সফলতাৰ শিখৰত উপনীত হৈও তেওঁ পাহৰা নাই নিজৰ শিপা
তেওঁৰ জীৱন-যাপন শৈলী তেনেই সাধাৰণ
তেওঁৰ সম্পত্তিৰ পৰিমাণে আচম্বিত কৰিব আপোনাকো
মাত্ৰ কেইটামান বছৰতে দ্ৰুতগতিত বাঢ়িছে তেওঁৰ বেংক বেলেঞ্চ
ভাৰতৰ সৰ্বাধিক টেক্স দিয়া কণ্ঠশিল্পী তেওঁ

মুৰ্ছিবাদৰ জিয়াগঞ্জৰ সেই অখ্যাত ল’ৰাজনৰ এতিয়া জগতজোৰা সুনাম। সেই সুনামৰ অধিকাৰী ল’ৰাজন হৈছে অৰিজিৎ সিং। সফলতাৰ শিখৰত উপনীত হৈও নিজৰ শিপাক পাহৰা নাই অৰিজিতে। অতি সাধাৰণভাৱে জীৱন অতিবাহিত কৰিছে অৰিজিৎ সিঙে। দেশৰ আটাইবোৰ কণ্ঠশিল্পীৰ ভিতৰত সৰ্বাধিক টেক্স দিয়ে অৰিজিতে।

সম্প্ৰতি অৰিজিৎ সিঙৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১০০ কোটি

ছবিৰ এটা গীতত কণ্ঠদানৰ বিনিময়ত অৰিজিতৰ পাৰিশ্ৰমিক ১৮ৰ পৰা ২০ লাখ টকা। কিন্তু চিনেমাৰ তুলনাত অৰিজিৎ সিঙৰ লাইভ শ্ব’ৰ পাৰিশ্ৰমিক বেছি। ৪৫ মিনিটৰ এটা অনুষ্ঠানত বিনিময়ত অৰিজিৎ সিঙৰ পাৰিশ্ৰমিক ডেৰ কোটি টকা। অৰিজিৎ সিঙৰ প্ৰতিমাহৰ উপাৰ্জন প্ৰায় ৮ কোটি টকা। মুম্বাইত প্ৰায় ৮ কোটি মূল্যৰ তিনিটা বিলাসী ফ্লেট আছে শিল্পীজনৰ। আৰ্টিগা,ইন’ভাকে আদি কৰি আছে কেইবাখনো বিলাসী বাহন। কিন্তু প্ৰায়ে এখন সাধাৰণ স্কুটী চলাই মুম্বাইৰ বিভিন্ন স্থানত ঘূৰি ফুৰে অৰিজিৎ সিং। বিলাসী গাড়ীৰ পৰিৱৰ্তে পত্নীক লৈ স্কুটীতহে ঘূৰিবলৈ ভাল পায় অৰিজিতে। বিগত কিছুবছৰত দ্ৰুতগতিত বেংক বেলেঞ্চ বাঢ়িছে অৰিজিত সিঙৰ।

২০২২ত অৰিজিৎ সিঙৰ বছৰি আয় আছিল ৫২ কোটি
২০২১ত ৪৭ কোটি উপাৰ্জন কৰিছিল অৰিজিৎ সিঙে
২০২০ত অৰিজিতৰ আয় আছিল ৪২ কোটি
২০১৯ চনত অৰিজিতৰ আয় আছিল ৩৫ কোটি টকা
সম্প্ৰতি মাহিলী ৬ কোটি উপাৰ্জন কৰে কণ্ঠশিল্পীজনে

তথাপি একেদৰেই আছে তেওঁৰ জীৱন যাপনৰ শৈলী। সেই সাধাৰণ পোচাক, সাধাৰণ স্কুটী। এই সৰলতাৰ বাবেই অজস্ৰ লোকৰ বুকুত নিজাকৈ ঘৰ সাজিছে কণ্ঠশিল্পীজনে। কেৱল দেশতেই নহয়, নিজৰ কণ্ঠৰে বিদেশী সংগীতপ্ৰেমীৰো হৃদয় জিনিছে অৰিজিত সিঙে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...