আজি হ’ব হাতীগাঁৱৰ ৰিয়া হ*ত্যাকাণ্ডৰ ক্ৰাইম ছিন ৰিক্ৰেয়ছন

হাতীগাঁৱৰ চাঞ্চল্যকৰ ৰিয়া হত্যাকাণ্ডৰ তদন্তত আজি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব হাতীগাঁও আৰক্ষীয়ে। আৰক্ষীৰ জিম্মাত থকা অভিযুক্ত ৰামানুজ গোস্বামীৰ উপস্থিতিত সংঘটিত হ’ব ক্ৰাইম ছিন ৰিক্ৰেয়ছন।হত্যাকাৰী ৰামানুজ লগত লৈ ভিডিঅ’গ্ৰাফী কৰিব আৰক্ষীয়ে।

ইফালে হ*ত্যাকাণ্ডৰ তদন্তত এতিয়াও বহু প্ৰশ্নৰ উত্তৰ পোৱা নাই। বিশেষকৈ ৰিয়াৰ হাতৰ আঙুলিৰ সন্ধান এতিয়াও লাভ কৰা নাই আৰক্ষীয়ে। ছি*ন্নমুণ্ড ফ্ৰীজৰ পৰা উদ্ধাৰ হোৱাৰ বিপৰীতে শৰীৰৰ বাকী অংশ উদ্ধাৰ হৈছিল ঘৰৰ মজিয়াত। ৰিয়াৰ হাতৰ আঙুলি ক’ত লুকুৱাই ৰখা হৈছিল, সেই বিষয়ে অভিযুক্ত ৰামানুজে এতিয়াও আৰক্ষীক স্পষ্ট তথ্য দিয়া নাই।

আনহাতে, তদন্তৰ মাজতে চৰ্চালৈ আহিছে ‘ছুগাৰ ডেডী’ প্ৰসংগ। অভিযুক্ত ৰামানুজে এই সন্দৰ্ভতো এতিয়ালৈকে স্পষ্ট তথ্য দিয়া নাই। মঙলবাৰে অৱশ্যে আৰক্ষীৰ জিম্মাত থাকোঁতে ৰামানুজে এগৰাকী ‘ছুগাৰ ডেডী’ৰ কথা উল্লেখ কৰি তেওঁকো হত্যাৰ ভাবুকি দিয়া বুলি জানিব পৰা গৈছে।

পত্নী ৰিয়াক অতি নৃশংসভাৱে হ*ত্যা কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা ৰামানুজৰ আচৰণক লৈও সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। কোনো অনুশোচনা নথকাৰ দাবী কৰি তেওঁ কয়—জেলৰ পৰা ওলাই আহিব পাৰিলে সেই ‘ছুগাৰ ডেডী’কো হত্যা কৰিব।

ইতিমধ্যে তদন্তত ৰামানুজৰ বক্তব্যক লৈও সৃষ্টি হৈছে বিভ্ৰান্তি। কেতিয়াবা পত্নীয়ে মাতৃক গালি-গালাজ কৰাৰ কথা, কেতিয়াবা ভুলতে হত্যাকাণ্ড সংঘটিত হোৱা বুলি দাবী কৰাৰ লগতে পৰকীয়া সম্পৰ্কৰ অভিযোগো উত্থাপন কৰিছে অভিযুক্তজনে।

ইয়াৰ মাজতে ৰামানুজৰ অতীতক লৈয়ো পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। নিচামুক্তি কেন্দ্ৰৰ কৰ্মী সিদ্ধাৰ্থ প্ৰতিম শৰ্মাৰ দাবী অনুসৰি, বিয়াৰ পূৰ্বৰে পৰা ৰামানুজ HIV-ত আক্ৰান্ত আছিল। তেওঁৰ দাবী, বিগত ৩-৪ বছৰ ধৰি ৰামানুজ HIV-ত আক্ৰান্ত আৰু ড্ৰাগছ সেৱনৰ পৰাই এই সংক্ৰমণ হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমানো তেওঁ HIVৰ ঔষধ সেৱন কৰি থকা বুলি দাবী কৰা হৈছে।

অৱশ্যে এই দাবীসমূহ আৰক্ষীৰ তদন্তত কিমানদূৰ সত্য, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ৰামানুজে এই তথ্য ৰিয়াৰ পৰা লুকুৱাই ৰাখিছিল নেকি, সেই বিষয়েও তদন্ত অব্যাহত আছে। লগতে বিগত কেইটামান বছৰত তেওঁ ১০ বাৰতকৈ অধিক নিচামুক্তি কেন্দ্ৰলৈ যোৱা বুলি দাবী কৰিছে সিদ্ধাৰ্থ প্ৰতিম শৰ্মাই।

হাতীগাঁৱৰ এই লোমহৰ্ষক হত্যাকাণ্ডক লৈ এতিয়াও ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য অব্যাহত আছে। আজি ক্ৰাইম ছিন ৰিক্ৰেয়ছনৰ পাছত হত্যাকাণ্ডৰ বহু অমীমাংসিত প্ৰশ্নৰ উত্তৰ পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...

এছিয়ান গেমছত ভাৰতৰ পদকৰ দৌৰ অব্যাহত; হকী-ক্রিকেটত ফাইনেলত প্ৰৱেশ, মল্লযুদ্ধ-ছেইলিঙ-আৰ্চাৰীত পদক

জাপান এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ সফল অভিযান অব্যাহত আছে।...

হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত...