উৰণৰ মাজতে অঘটন; হেলিকপ্টাৰ দুৰ্ঘটনাত নি*হ*ত ৫জন

মালয়েছিয়াৰ সাৰাৱাকত চিকিৎসা সেৱাত নিয়োজিত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পাঁচজন লোকৰ মৃত্যু হয়। মাজ আকাশতে জ্বলি চাৰখাৰ হয় হেলিকপ্টাৰখন। দুৰ্ঘটনাত থিতাতে নিহত এজন পাইলট আৰু স্বাস্থ্য বিভাগৰ চাৰিজন কৰ্মচাৰী।

দুৰ্ঘটনাটো মঙলবাৰে বিয়লিৰ ভাগত সাৰাৱাকৰ লং লেলাং বিমানক্ষেত্ৰৰ সমীপত সংঘটিত হয়। স্বাস্থ্য মন্ত্ৰীয়ে জনোৱা মতে, হেলিকপ্টাৰখনত চৰকাৰী কৰ্তব্যত থকা চাৰিজন স্বাস্থ্যকৰ্মীৰ ভিতৰত এজন চিকিৎসা বিষয়া, এজন সহকাৰী চিকিৎসা বিষয়া আৰু দুগৰাকী নাৰ্ছ আছিল।

দুৰ্ঘটনাটো দুৰ্গম অঞ্চলত হোৱাৰ লগতে বনজুইৰ ফলত সৃষ্টি হোৱা ধোঁৱা আৰু কুঁৱলীৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। স্থলপথেৰে ঘটনাস্থলীত উপস্থিত হ’বলৈ প্ৰায় ১০ ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল। দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

‘ফ্লাইং ডক্টৰ’ নামৰ হেলিকপ্টাৰখনৰ জৰিয়তে সাধাৰণতে দুৰ্গম আৰু গ্ৰাম্য অঞ্চলৰ লোকক চিকিৎসা সেৱা, জৰুৰীকালীন ৰোগী পৰিবহণ আৰু অন্যান্য চিকিৎসা সুবিধা প্ৰদান কৰা হয়। দুৰ্ঘটনাটোৰ কাৰণ উদঘাটনৰ বাবে বিমান দুৰ্ঘটনা তদন্ত ব্যুৰোৱে তদন্ত আৰম্ভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হাইলাকান্দিত ৬০ লাখ টকাৰ ইয়াবা টেবলেট সহ দুজনক গ্ৰেপ্তাৰ

হাইলাকান্দি জিলাত পুনৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ ইয়াবা টেবলেট জব্দ...

আজি পুৱা ১০ বজাত এছিয়ান গেমছৰ ফাইনেলত চীনৰ বাও জিয়িৰ বিৰুদ্ধে লাভলীনা বৰগোঁহাই

ভাৰতীয় বক্সাৰ লাভলীনা বৰগোঁহাই আজি, ২ অক্টোবৰত পুৱা ১০...

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...