আৰক্ষীৰ ভয় দেখুৱাই ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ হাছিনা

শ্বেখ হাছিনা নহয় হাছিনা বেগম। লখিমপুৰৰ নাওবৈচাৰ হাছিনা বেগম। মহিলাগৰাকীক মনত আছেনে আপোনালোকৰ? অসম আৰক্ষীৰ SI প্ৰয়াত জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ সময়ত নিজেই চৰ্চালৈ আহিছিল লখিমপুৰৰ নাওবৈচাৰ হাছিনা বেগম। তেতিয়া প্ৰয়াত SI জোনমণি ৰাভাৰ পক্ষত ঠিয় হৈ লখিমপুৰৰ নকল সোণ আৰু জাল নোটৰ বেহাৰ চক্ৰৰ সৈতে আৰক্ষীৰ গোপন মিতিৰালিৰ তথ্য উদঙাই দিছিল হাছিনা বেগমে। জাল নোট, নকল সোণৰ চক্ৰৰ বিৰুদ্ধে কাম কৰিছিল হেনো হাছিনাই। আৰক্ষীক দিছিল হেনো দুস্কৃতিকাৰীৰ খবৰ।

সেই হাছিনাই এতিয়া জালত পৰিছে আৰক্ষীৰ। বিগত কেইবাদিন ধৰি পলাতক অৱস্থাত থকা হাছিনাক গুৱাহাটীৰ গণেশগুৰিৰ এখন হোটেলত সহযোগীসহ আত্মগোপন কৰি থকা অৱস্থাত শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। সহযোগী ফকৰুদ্দিনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গুৱাহাটীত গ্ৰেপ্তাৰ কৰি হাছিনাক লখিমপুৰৰ বিহপুৰীয়ালৈ নিয়ে আৰক্ষীয়ে।

হাছিনা বেগমৰ বিৰুদ্ধে একাধিক বিস্ফোৰক অভিযোগ। আৰক্ষীক মেনেজ কৰাৰ নামত ধন সংগ্ৰহ কৰে হাছিনাই! জালনোট, নকল সোণৰ চক্ৰক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে! কথা নুশুনা আৰক্ষীক বদলিৰ ভাবুকি দিয়ে হাছিনাই!

বহু অভিযুক্তৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি পলাই আছিল হাছিনা বেগম। বিহপুৰীয়াৰ এটা ঘটনাক লৈ ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত হাছিনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰক্ষীয়ে। বিহপুৰীয়াৰ এটা পৰিয়ালক আৰক্ষীৰ ভয় দেখুৱাইছিল হাছিনাই। ব্লেকমেইল কৰি দুটা কিস্তিত লৈছিল ৮০ হাজাৰ টকা।

কথাই কথাই হাছিনা বেগমৰ মুখত DGP, IGP, DIGৰ নাম। শনিবাৰে বিহপুৰীয়াত উপস্থিত হৈয়ো হাছিনাৰ মুখত DGP, IGPৰ কথা।

কেৱল বিহপুৰীয়া নহয়, লখিমপুৰৰ কেইবাখনো থানাত হাছিনা বেগমৰ বিৰুদ্ধে ৰুজু হৈ আছে কেইবাটাও গোচৰ। গুৱাহাটীত গ্ৰেপ্তাৰ হোৱা গোচৰটোহে বিহপুৰীয়া থানাৰ। বিহপুৰীয়াৰ গোচৰৰ জেৰা সম্পন্ন হ’লেই আন থানাৰ গোচৰত গ্ৰেপ্তাৰ হ’ব হাছিনা বেগম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...